নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটীত শোকসভা

🔹 কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ

বিশেষ বাৰ্তা, ২৪ এপ্ৰিল : কাশ্মীৰৰ পেহেলগামত ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ হত্যাযজ্ঞত সমগ্ৰ দেশবাসী শোকত ম্ৰিয়মাণ হোৱাৰ লগতে এই জঘন্য কাণ্ডত জড়িতসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থাৰ দাবী জনাই আহিছে সমগ্ৰ দেশবাসীয়ে। এই বৰ্বৰ নৰমেধ যজ্ঞৰ পিছত ২৩ এপ্ৰিলত গুৱাহাটীৰ ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটীৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্পবদ্ধ স্থিতি লৈ এক প্ৰতিবাদী সমদল উলিওৱাৰ লগতে শোকসভাৰ আয়োজন কৰি এই  আক্ৰমণত নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ২০১৯ চনৰ পুলৱামা কাণ্ডৰ পিছত সংঘটিত কৰা এই ভয়াৱহ আক্ৰমণৰ বলি হোৱা লোকসকলৰ ন্যায়ৰ দাবীত বিশ্ববিদ্যালয় সমাজ গৰজি উঠাৰ লগতে গভীৰ শোক প্ৰকাশ কৰে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলটোৱে কেম্পাছৰ মাজেৰে আগবাঢ়ে আৰু অংশগ্ৰহণকাৰীসকলে সন্ত্ৰাসবাদবিৰোধী প্লে-কাৰ্ড লৈ ন্যায় আৰু ঐক্যৰ আহ্বান জনায়। ইয়াৰ পিছতে এখন শোকসভা অনুষ্ঠিত হয়, য’ত উপস্থিতসকলে দুই মিনিটৰ বাবে মৌনতা অৱলম্বন কৰি নিহতসকলৰ প্ৰতি সন্মান জনায় আৰু তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

এই জঘন্য কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটীৰ চেঞ্চেলৰ ড০ এ কে পানছাৰীয়ে কয় যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ মানৱতাৰ ওপৰত আক্ৰমণ। লগতে তেওঁ এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহণা দিয়ে।

বিশ্ববিদ্যালয়খনৰ গ্ৰ’থ এণ্ড ষ্ট্ৰেটেজিৰ সঞ্চালক উৎপল কান্তই কয়- পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা সন্ত্ৰাসবাদী কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। শোক আৰু সংকটৰ এই সময়ত আমি দেশবাসী হিচাপে একেলগে থিয় দিছোঁ, এই জঘন্য কাণ্ডৰ আঁৰৰ লোকসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছোঁ।

তদুপৰি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণৰ ডেপুটী ডীন সত্যকী ডি’কম ভূঞাই কয়- নিৰীহ পৰ্যটকৰ ওপৰত কৰা এই কাপুৰুষালি আক্ৰমণ মানৱতাৰ ওপৰত আক্ৰমণ। আমি ঐক্যবদ্ধভাৱে থিয় দিছোঁ, দোষীৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ আৰু আমাৰ দেশৰ ওপৰত কৰা এই আক্ৰমণৰ দৃঢ় আৰু উপযুক্ত প্ৰত্যুত্তৰৰ দাবী জনাইছো।

You might also like