বিশেষ বাৰ্তা, ২৪ এপ্ৰিল : প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন লৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ ৰূপ পাইছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত আন দলতকৈ শাসকীয় দলে প্ৰচাৰ অভিযানত আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈ দলৰ প্ৰাৰ্থীক জয় কৰাবলৈ উঠি পৰি লাগিছে।
আজি ৰঙানদী সমষ্টিত দলৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। সভাত অংশ গ্ৰহণ কৰি দলৰ প্ৰাৰ্থী সকলক বৃহৎ অংকৰ ব্যৱধান জয়ী কৰাবলৈ দলৰ কৰ্মী সকলক আহ্বান জনায়। ইয়াৰ পিছতে মংগলবাৰে পেহেলগামত সন্ত্ৰাসবাদী যি নাৰকীয় ঘটনা সংঘটিত কৰিলে সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সভাপতি গৰাকীয়ে কয় ভাৰততো পাকিস্তানৰ ভাষা কোৱা লোক আছে যেনে আমিনুল ইছলাম ,ৰাহুল গান্ধী আৰু গৌৰৱ গগৈ। তেওঁলোকে প্ৰথমে দেশক প্ৰাধান্য দিয়ক। ৰাজনীতিৰ ৰুটী সেকিৱলৈ তেওঁলোকক ভাৰতৰ মানুহে প্ৰতিনিধি কৰি পঠোৱা নাই।
ভাৰতবৰ্ষৰ সুৰক্ষা-একতা -সাৱভৌমত্ব ৰক্ষাৰ কাৰনে তেওঁলোকক জনগণে প্ৰতিনিধি কৰি পঠাইছে। সংবিধানৰ নামত শপত খাই দেশৰ কাৰনে জীৱন দিবলৈ প্ৰস্তুত বুলি কোৱা কথাবোৰ এতিয়া তেওঁলোকে পাহৰি গৈছে। এই বিষয়ে চৰকাৰে সুক্ষ্ম দৃষ্টি ৰাখিছে বুলি বিস্ফোৰক মন্তব্য কৰে। আনহাতে ৰঙানদী সমষ্টিত দীর্ঘ দিন ধৰি বিজেপিৰ যি লৱীকেন্দ্ৰিক ৰাজনীতি চলি আহিছে সেই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত সভাপতি গৰাকীয়ে কয় বিজেপি এটা নীতি আদৰ্শত থকা দল। বিজেপি দলত বিসম্বাদ বা লৱীকেন্দ্ৰিক হোৱা বুলি প্ৰমাণ পালে দলে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব বুলি মন্তব্য কৰে।
আজি ৰঙানদী সমষ্টিৰ অন্তৰ্গত ৰঙানদী, শিঙৰা, গাভৰু, ডিক্ৰং জিলা পৰিসদৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ আঞ্চলিক পঞ্চায়তৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৈ প্ৰচাৰ চলায়।
প্ৰেৰক নিতুল বৰা