নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰ নিউকাছলত ৰঙালী বিহু উদযাপন, বিশিষ্ট অতিথি মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ এপ্ৰিলঃ হেঁপাহৰ বিহু ৰঙালী বিহু। ৰাজ্যৰ লগতে ৰঙালী বিহুৱে দেশৰ পৰিধি ভাঙি ইংলেণ্ডৰ নিউকাছল চহৰত থকা অসমীয়া বাসিন্দাসকলে যোৱা ২০ এপ্ৰিলত অসমীয়াৰ বাপতিসাহোন, অসমীয়াৰ হৃদয়ত চিৰপ্ৰৱহমান ‘ৰঙালী বিহু’ক সাত সাগৰ তেৰ নদীৰ পাৰ হৈ বিদেশত থকা অসমীয়াই ৰঙালী বিহু উদযাপন কৰিছে।

ইংলেণ্ডৰ জনস্পেনছ কমিউনিটি হাইস্কুলৰ ড্ৰামা গৃহত আয়োজিত ৰঙালী বিহু অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীয়ে। ৰঙালী বিহুৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰি দিয়া মৃণালিনী দেৱীয়ে ভাষণত প্ৰসংগত মহাপুৰুষ মাধৱদেৱ বিৰচিত তিনিটা ঘোষা শ্লোক অসমীয়াত ভাঙনি কৰি দি সকলোকে আপ্লুত কৰি তুলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত আন আন জনগোষ্ঠীৰ সৈতে সেতু গঢ়াৰ লক্ষ্যৰে আয়োজিত ৰঙালী বিহুৰ বিশেষ আছিল অসমৰ চলচ্চিত্ৰ প্ৰযোজক অৰুণজিৎ বৰাৰ “গুডবাই গুৰুজী”ৰ বিশেষ স্ত্ৰীনিং অনুষ্ঠান। চিনেমাখনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰা পাৰ্থপ্ৰতীম হাজৰিকাৰ শাহুৱেক মেৰী ফ্ৰান্সৰ পৰা আহি ছবিখন উপভোগ কৰে। ৰঙালী বিহুৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছিল ইংলেণ্ডৰ টিম মেৰণ আৰু ডেৱা মেৰণ।

ছবিখনে সকলো দৰ্শককে মন্ত্ৰমুগ্ধ কৰি তোলে। ইয়াৰ পিছতে ৰঙালী বিহুৰ উপলক্ষে কেইবাটাও আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰবাসী ভাৰতীয় বঙালী মহিলা কৰবী চৌধুৰীয়ে জুবিনৰ বিহু গীতৰ তালে তালে নাচি সকলোকে মোহিত কৰাৰ লগতে অনুষ্ঠানটিৰ সৈতে কেইবাটাও কণমানি জড়িত হৈ অনুষ্ঠানটিৰ সোণত সুৱগা চৰায়ছে। বিহুৰ লগত পাঞ্জাৱৰ বৈশাখীৰো এক সম্পৰ্ক আছে, সেয়ে ৰঙালী বিহুৰ লগত সংগতি ৰাখি বৃন্দা বৰা নামৰ কণমানিয়ে সুন্দৰ ভাংৰা নৃত্য প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰি তোলে।

অনুষ্ঠানত পাছবছৰীয়া টিয়ানাই বিহুনাচ প্ৰদৰ্শন কৰাৰ লগতে চৈধ্যবছৰীয়া নিয়ৰে বাঁহী বজোৱা, আৰুশে পিয়ানোত ‘অ’ মোৰ আপোনাৰ দেশ’ৰ লহৰ তোলে। ইংলেণ্ডৰ নিউকাছলত ৰঙালী বিহু অনুষ্ঠানৰ মুল পৰিকল্পনা আছিল ডা: ভাস্কৰ দত্তৰ। ৰঙালী বিহু উপলক্ষে সকলোকে এটাৰ পিছত এটাকৈ গীত পৰিৱেশন কৰি বিভিন্নজনে অনুষ্ঠানটি জীপাল আৰু সজীৱ কৰি তোলে। ৰঙালী বিহুত তামালী চক্ৰৱৰ্তীয়ে বাংলা গীত, প্ৰাৰ্থনাই বিহুনৃত্য, বাঙালী নাগৰিক বিশ্বজিত চক্ৰৱৰ্তীয়ে চাৰিটাকৈ বিহুগীত পৰিৱেশন কৰি সকলোকে মুন্ৰমুগ্ধ কৰি তুলিছে।

মাৰাঠী দম্পতী ডাঃ সঞ্জয় আৰু ডাঃ সবিতাই ‘ফুল ফুলিছে বসন্ত’ গীতটি পৰিবেশন কৰি অনুষ্ঠানটিৰ সোণত সুৱগা চৰায়ছে। ৰঙালী বিহু ৰ অনুষ্ঠানটিৰ আটাইতকৈ ভাল লগা দিশটো আছিল স্কটলেণ্ডৰ চিকিৎসক ডাঃ ত্ৰেইগ নানে  পৰিৱেশন কৰা সুধাকণ্ঠ ড: ভুপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ আপুৰুগীয়া অসমীয়া গীতটো পৰিৱেশন কৰি ইয়াৰ তাৎপৰ্য দাঙি ধৰি অনুষ্ঠানটো আৰু গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। অনুষ্ঠানত ডাঃ ভাস্কৰ দত্তই দ্বীপেন বৰুৱাৰ ‘গা গা আজি গাই যা’ শীৰ্ষক গীতটো পৰিবেশন কৰে। তেওঁৰ গীতৰ তালে তালে নৃত্য পৰিৱেশন কৰে সহধৰ্মিনী পল্লৱী ভূঞাকে ধৰি সমুহ দৰ্শকে।

সকলোৱে ডাঃ ভাস্কৰ দত্তৰ যাদুকৰী সুৰত মুগ্ধ হৈ পৰে। ইংলেণ্ডৰ নিউকাছলত ৰঙালী বিহু উদযাপনত বিশেষ ভাৱে ডাঃ জয়ন্ত বিশ্ব শৰ্মা, ডাঃ ঋতুপৰ্ণা ভট্টাচাৰ্য, ডাঃ ভাস্কৰ দত্ত, ডাঃ অনিল মেধি, ইলোৰা মেধি,নিলম মেধি, অম্লান বৰা, ত্ৰিবেণী বৰা, পল্লৱী ভূঞা, অৰুনাভ চক্ৰৱৰ্তী আৰু কল্লশ্ৰী ভৌমিকৰ সামুহিক প্ৰচেষ্টাত আয়োজিত অনুষ্ঠানত ফ্ৰান্সৰ পৰা অহা অতিথি মেৰী আৰু চলচ্চিত্ৰ প্ৰযোজক ডিব্ৰুগড়ৰ সন্তান অৰুণজিৎ বৰাক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত পৰম্পৰাগত ভাৱে কণী যুঁজ প্ৰতিযোগিতাত প্ৰাপ্তবয়স্ক সকলৰ অংশগ্ৰহণে সকলোকে আমোদ দিয়ে।

প্ৰেৰক ৰমেন ভৰালী

You might also like