নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ কাশ্মীৰৰ পেহেলগাম নৰসংহাৰৰ এক ব্যতিক্ৰমীধৰ্মী প্ৰতিবাদ আৰম্ভ কৰিছে ধুবুৰীৰ এগৰাকী শিল্পীয়ে। ধুবুৰীত বাটা-গলি বুলি পৰিচিত ঠেক গলি এটাৰ একাষে থকা এখন পকী বেৰত আজি পুৱাৰ পৰা পেহেলগামত সংঘটিত হোৱা ঘটনাৰ কৰুণ দৃশ্যাৱলী অকংণ কৰিবলৈ লৈছে অৰ্জুন শৰ্মা নামৰ প্ৰতিষ্ঠিত স্থানীয় চিত্ৰশিল্পী এগৰাকীয়ে। ক’লকাতাৰ ফাইন আৰ্টচ একাডেমীৰ প্ৰাক্তন ছাত্ৰ শৰ্মাৰ বয়স বৰ্তমানে ৮৯ বছৰ। কিন্তু বয়সে ভাটি দিলেও উদ্যম, সাহস কিন্তু কমা নাই তেওঁৰ। হাতত ৰং-তুলিলৈ অকলে ষ্টীলৰ জখলা বগাই বগাই পেহেলগামৰ ঘটনাই হৃদয়ত সৃষ্টি কৰা দুখক বিশাল পৰিসৰৰ এক চিত্ৰৰ ৰূপ দিয়াত ব্যস্ত তেওঁ। বয়স হ’লেই বা ৮৯ বছৰ; কিন্তু তালৈ ভ্ৰুক্ষেপ নাই শিল্পী গৰাকীৰ। নিৰবিচ্ছিন্ন ভাবে ৬-৭ ঘন্টা অংকণ কৰি নিজৰ প্ৰতিবাদক চিত্ৰ আকাৰে দাঙি ধৰিবলৈ বদ্ধ পৰকৰ তেওঁ। “৬/৭ ঘন্টা মান লাগিব সম্পূৰ্ণ কৰোঁতে। একো নাই। দূৰ্গাপূজাৰ সময় দুই/তিনিদিন ধৰি নাখাই-নুশুই কাম কৰোঁ মই।” স্পষ্ট কথা অৰ্জুন শৰ্মাৰ। দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীলৈ তেওঁৰ কৰুণ অনুৰোধ, “কিবা এটা কৰক চাৰ। বাৰে বাৰে আমাৰ ওপৰত অপ্ৰৰেচিত আক্ৰমণ চলিছে। পাকিস্তানক এসেকা দিয়ক।”
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী