বিশেষ বাৰ্তা, ২৫ এপ্ৰিল : শাসকীয় দল বিজেপি ৰ নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত। সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মাজুলী সমষ্টিত শাসকীয় দলৰ লগতে বিৰোধী দলৰ নেতাসকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে ৷ ২৪ এপ্ৰিলৰ ৰাতি মাজুলীত বাহৰ পতা বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি পুৱাই উত্তৰ কমলাবাৰী সত্ৰৰ নামঘৰত সেৱা লোৱাৰ লগতে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ সৈতে মত-বিনিময় কৰে ৷ তাৰ পৰা ৰাজ্যিক সভাপতি গৰাকী সতীৰ্থ সহ ঔৱা সত্ৰত উপস্থিত হয় আৰু নামঘৰত সেৱা লৈ সত্ৰাধিকাৰ শৰৎ চন্দ্ৰ গোস্বামীৰ বাসগৃহত পুৱাৰ জলপান গ্ৰহণ কৰে ৷ তাৰ পৰা সভাপতি গৰাকী গড়মূৰস্থিত জিলা বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত দলৰ কৰ্মীসকলৰে মত-বিনিময় কৰে ৷ এই উপলক্ষে কাৰ্যালয়ত জিলা বিজেপিৰ সম্পাদক মানিক শইকীয়াই আঁত ধৰা সভাত প্ৰথমে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ জিলা বিজেপিৰ বিষয়ববীয়া, চাৰিটা মণ্ডল সমিতিৰ বিষয়ববীয়া, মৰ্চা আৰু বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী সকল উপস্থিত থকা সভাত কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে স্বচ্ছ, নিকা পঞ্চায়ত গঠনৰ বাবে দলীয় প্ৰাৰ্থীৰ জয়যুক্ত নিশ্চিত কৰিবলৈ কাৰ্যকৰ্তা সকলক আহবান জনায় ৷ ৰাজ্যিক সভাপতি শইকীয়াই বিজেপি মিত্ৰদলে চাৰিটা জিলা পৰিষদ, বিশ টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু দুশ ৱাৰ্ড সদস্যৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ সকলো মিত্ৰদলৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ’ব লাগিব ৷ একোটা বুথৰ যোদ্ধা হিচাবে নিজকে নিয়োগ কৰি সকলো চিন্তা বাদ দি নিজৰ বুথত দলীয় প্ৰাৰ্থীৰ জয়যুক্ত কৰাত বলিষ্ঠ ভূমিকা ল’বলৈ কাৰ্যকৰ্তা সকলক আহবান জনায় ৷ লগতে তেওঁ বুথত এশ শতাংশ ‘মন কি বাত’ অনুষ্ঠান ১৮৪ টা বুথত হ’ব লাগিব বুলি কাৰ্যকৰ্তা সকলক কয় ৷ লগতে তেওঁ দলৰ অনুশাসন মানি দলৰ জেষ্ঠ সকলক সন্মান প্ৰদৰ্শনৰ আহবান জনায় ৷ সভাত সমষ্টিৰ কংগ্ৰেছকে ধৰি সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক সহ মুঠ ২১ গৰাকীয়ে বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷ যোগদান কৰা সকলোকে ৰাজ্যিক সভাপতিয়ে দলীয় গামোচা, টুপী পিন্ধাই দললৈ আদৰণি জনায় আৰু নিৰ্বাচনত নিষ্ঠাৰে দলীয় কাম কৰিবলৈ আহবান জনায় ৷সভাৰ প্ৰাকক্ষণত পেহেলগামত হোৱা নৰসংহাৰত মৃত সকলৰ আত্মাৰ সদ্গতিৰ কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷ সভাত ৰাজ্যিক সভাপতিৰ প্ৰথম মাজুলী ভ্ৰমণত উৎফুল্লিত হৈ পৰা জিলা বিজেপিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে দলীয় কৰ্মীৰ তৰফৰ পৰা গামোচা, চেলেঙেৰে সম্বৰ্ধনা জনায় ৷ সভাত মাজুলীক নৱ ৰূপ দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীক বিপুল ভাৱে আদৰণি জনায়৷ ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰঙাচাহিত অনুষ্ঠিত হোৱা এখন বিশাল নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি কয়, পৃথিৱীৰ বুকুত বৃহত্তম নদী দ্বীপ হিচাপে পৰিচিত মাজুলীৰ ৰাইজে মিলিজুলী মাজুলীৰ উন্নয়নৰ বাবে কাম কৰা দেখা পাই মই অত্যন্ত সুখী হৈছোঁ। কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ , এটকা মহন্তৰ স্থান বিভিন্ন জাতি জন গোষ্ঠী ,অন্যান্য জনগোষ্ঠীৰ মিলি মাজুলীৰ সৌন্দৰ্য বৃদ্ধিৰ কাৰনে যেনেদৰে কাম কৰিছে তাৰ বাবে মাজুলীৰ ৰাইজৰ ওচৰত মই চিৰ কৃতজ্ঞ। ১৯৯৯ চনত মই সংসদ হিচাপে পৰাভূত হৈছিলোঁ যদিও মাজুলীৰ ৰাইজে মোক আঁকোৱালি লৈছিল, ২০১৪ চনত লোক সভা নিৰ্বাচন, ১৯১৬ চনত বিধান সভা নৰ্বাচন, ২০২১ চনত বিধান সভা নিৰ্বাচনত মই জনপ্ৰতিনিধি হিচাপে ৰাইজৰ সেৱা কৰাৰ সুযোগ লাভ কৰিলোঁ । মই মাজুলী বাসীৰ ওচৰত চিৰ কৃতজ্ঞ হৈ আছোঁ ,থাকিম , জীৱনৰ শেষ মুহূৰ্তলৈকে । অসমৰ বিভিন্ন জিলাৰ বিষয়ে বিশ্লেষণ কৰিলে দেখা পাওঁ মাজুলীত হিংসা অপৰাধমূলক কাম কাজ আটাইতকৈ কম হয়। মাজুলীৰ ৰাইজে এই কামে প্ৰমাণ কৰি দেখুৱাইছে যে মাজুলী শান্তি প্রিয় ঠাই।।সেই বাবে অসমতে নহয় ,ভাৰততে নহয় বিশ্বৰ বুকুত মাজুলীৰ নাম সদায় আছে আৰু যুগে যুগে থাকিব । এইখন সমাজৰ বিবেক বান নাগৰিকক বুজনি দুটাৰ মোৰ ধৃষ্টতা নাই ।মই কেৱল আহিছো আপোনালোকক প্ৰণাম জনাবলৈ, সেৱা জনাবলৈ, আপোনালোকৰ আশীষ লবলৈ । পঞ্চায়ত ৰাজ ব্যৱস্থাতত মাজুলীত আপোনালোকে সহায় কৰিব লাগিব। পঞ্চায়তৰাজ যি স্থানীয় চৰকাৰ হব সেই নিৰ্বাচিত ৰাইজৰ প্ৰতিনিধিয়ে অতি নিষ্ঠা আৰু সততাৰ ৰাইজৰ সেৱাত আত্মনিয়োগ কৰিব লাগিব। ৰাইজে নিৰ্বাচন কৰা জনা প্ৰতিনিধি সকলে এই কথা লক্ষ্য কৰিব লাগিব। কি ৱাৰ্ড সদশ্য ,কি সভাপতি, কি এ পি , কি জেদ পি চি হওক সকলোৱে ৰাইজৰ সেৱাক প্ৰাধান্য দিব লাগিব। পূৰ্বৰ কংগ্ৰেছৰ দৰে শাসন চলালে নহব। কংগ্ৰেছ চৰকাৰে ভাৰতীয় সংবিধান দিয়া গোটেই শাসন ব্যৱস্থাটোকেই ভাঙি ছিঙি চুৰমাৰ কৰিলে । ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শাসন ব্যৱস্থা পুনৰ নিৰ্মান কৰি বাপুজিৰ প্ৰকৃত ৰামৰাজ্য প্ৰতিষ্ঠা কৰি দহ বছৰতে সম্ভৱ কৰি তুলিলে ,ভাৰত চহকী হল, ভাৰত শক্তিশালী হল, ভাৰত বিশ্বৰ শক্তিশালী অৰ্থনৈতিক দেশ হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কেৱল উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ জোটৰ প্ৰাৰ্থী সকলক জয়ী কৰাবলৈ ৰাইজলৈ আহ্বান জনায় । সভাত বিধায়ক ভুৱন গাম ,জিলা সভাপতি দীপক গোস্বামী, প্ৰাক্তন সংসদ তপন গগৈ , বিজেপি ৰাজ্যিক মুখপাত্ৰ লক্ষ্যকোঁৱৰ, মাজুলী অবিচি উন্নয়ন বৰ্ডৰ অধ্যক্ষ পঞ্চায়ত নিৰ্বাচনৰ সহ প্ৰভাৰী সিদ্ধাকু অংকুৰ বৰুৱা, আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকল উপস্থিত থাকে ।