ম’হঘুলি চাপৰিত তৎপৰতা, ৯ মে’ৰ পৰা ঢকুৱাখনা ত ফাটবিহু
ঢকুৱাখনাৰ আয়োখৰেখাস্বৰূপ চিৰপ্ৰবাহিত চাৰিকড়ীয়া নৈৰ উত্তৰপাৰে অৱস্থিত ম'হঘুলি চাপৰিৰ ৩৭ বিঘা মাটিৰে পৰিবেষ্টিত ফাটবিহু বাকৰিক সজাই পৰাই তুলিছে ন-ৰূপত
নিয়মীয়া বার্তা, ২৯ এপ্ৰিল : ৯ মে’ৰ পৰা ঢকুৱাখনা ত ফাটবিহু। সাতামপুৰুষীয়া ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই অহা ৯ মে’ৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত উদযাপন কৰা হ’ব ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু।
আহোম ৰাজত্ব কালৰে পৰা নিজস্ব বৈশিষ্ট্য আৰু স্বকীয় পৰম্পৰাৰে উদযাপিত হৈ অহা ঢকুৱাখনাবাসীৰ স্বাভিমান তথা ৰাজ্যৰ সাংস্কৃতিক জগতৰ একক আৰু অনন্য লোকউৎসৱ ফাটবিহু-২০২৫ বৰ্ষ সফল উদযাপনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ফাটবিহু সমিতি আৰু উদযাপন সমিতিয়ে।
ঢকুৱাখনাৰ আয়োখৰেখাস্বৰূপ চিৰপ্ৰবাহিত চাৰিকড়ীয়া নৈৰ উত্তৰপাৰে অৱস্থিত ম’হঘুলি চাপৰিৰ ৩৭ বিঘা মাটিৰে পৰিবেষ্টিত ফাটবিহু বাকৰিক সজাই পৰাই তুলিছে ন-ৰূপত। ফাটবিহু ২০২৫ বৰ্ষ উদযাপনৰ বাবে ইতিমধ্যে নিতুল বৰুৱা( ৰাজা)ক সভাপতি, হিতেশ ফুকনক সম্পাদক গোবিন বৰুৱা, গুৰু গোবিন্দ দাস,মনিকা পাতিৰক উপ-সভাপতি, মিনু দাস বৰা,পলাশ কোঁৱৰ আৰু বিষ্ণু শইকীয়াক সহ: সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে।
ফাটবিহু সমিতিয়ে জনোৱা অনুসৰি ৯ মে’ৰ পুৱা পতাকা উত্তোলনেৰে ফাটবিহু ২০২৫ বৰ্ষৰ তিনিদিনীয়া বর্ণিল কাৰ্য্যসূচীৰ পাতনি মেলিব ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই।ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱাই।পুৱা ১১বজাত মঞ্চ মুকলি কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভোলানাথ গগৈয়ে। দুপৰীয়াৰ পৰা অনুষ্ঠিত হ’বলগা মহিলাসকলৰ টকা বিহু প্রতিযোগিতা উদ্বোধন কৰিব জালভাৰী মধ্য ইংৰাজী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী দিব্য ফুকনে।বিয়লিলৈ চেমনীয়া হুঁচৰি প্ৰতিযোগিতা।
প্ৰতিযোগিতাখনি উদ্বোধন কৰিব কৃতি বিহুৱা গোলাপ দাসে।দ্বিতীয় দিনা অৰ্থাৎ ১০ মে’ৰ কাৰ্য্যসূচী অনুসৰি পুৱা কপৌফুল আৰু গছপুলি ৰোপণ। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব গামোচা প্রতিযোগিতা। দুপৰীয়া পূর্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি ৰখা পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাখন উদ্বোধন কৰিব খেৰকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমন্ত পেগুৱে।
বিয়লি ১ বজাত ফাটবিহুৰ বছৰেকীয়া প্রকাশ ‘বিহুৱান’ উন্মোচন। ‘বিহুৱান’ উন্মোচন কৰিব বিশিষ্ট কবি, সাহিত্যিক ড° কৰৱী ডেকা হাজৰিকাই। তৃতীয় দিনা তথা অন্তিম দিনা পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্রা। সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব অভিনেত্রী তথা আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে।
দুপৰীয়া ১২ বজাত ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্রতিযোগিতা।শতাধিক বিহু দলে অংশগ্ৰহণ কৰিবলগা মুকলি বিহু প্রতিযোগিতাখন উদ্বোধন কৰিব জ্যেষ্ঠ কৃতি বিহুৱা নিৰঞ্জন গগৈয়ে। বিয়লি ২ বজাৰ পৰা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা।
ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৱে উদ্বোধন কৰিবলগীয়া সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰিব। মুকলি সভাত মন্ত্ৰী ডা: ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, অসম বিধানসভাৰ সচিব দুলাল পেগুৱে বিশিষ্ট অতিথি হিছাপে অংশগ্ৰহন কৰিব লব।
দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিনেশ গগৈয়ে নিদিষ্ট বক্তাৰূপে উপস্থিত থাকিবলগীয়া মুকলি সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে ধৰি আন কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব।ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্যসূচীত ৰাজ্যবাসীৰ সহায়-সহযোগিতা কামনা কৰি জাতীয় সাজপাৰ পৰিধান কৰি বিহুপ্রেমীক ফাটবিহু উপভোগ কৰিবলৈ আহ্বান জনাইছে উদযাপন আৰু ফাটবিহু সমিতিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা