নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ বছৰতো কংগ্ৰেছ-ৰ ইঞ্জিন থকাৰ সম্ভাৱনা নাই : মন্ত্ৰী জয়ন্ত মল্ল

নলবাৰীৰ ঘোগাত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : ইঞ্জিন নোহোৱাকৈ চলিছে কংগ্ৰেছ। জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য। অঞ্চল এটাত যেতিয়া সমস্যা থাকে, তেতিয়া সেই অঞ্চলটোক নেতৃত্ব দি ভাল লাগে। কাৰণ সমস্যাবিলাক সমাধান কৰাটোৱেই আমাৰ চৰকাৰৰ মূল দায়িত্ব।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।

আজি নলবাৰীৰ ঘোগাত পঞ্চায়ত নিৰ্বাচনৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰি জয়ন্ত মল্ল বৰুৱাই এইদৰে মন্তব্য কৰে। সভাৰ আৰম্ভণিতে প্ৰতিকুল বতৰকো নেওচি সভাত ৰাইজৰ উৎসাহ, উদ্দীপনা আৰু মৰম দেখিবলৈ পাই মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে আৰু কয় যে এইবাৰ বেলট বাকচত কেবল পদুম ফুল আৰু হাতী ওলাব আমাৰেই বিজয় হ’ব তাত চিন্তা কৰিবলগীয়া নাই।

সমষ্টি পুনঃনিৰ্ধাৰণৰ প্ৰসংগ উত্থাপন কৰি জয়ন্ত মল্ল বৰুৱাই ঘোগা অঞ্চলটো আগতে তেওঁৰ সমষ্টিৰ অন্তৰ্গত নাছিল বুলি কয়। সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত এই অঞ্চলটো তেওঁৰ সমষ্টিৰ অন্তৰ্ভুক্ত হয় বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীক তেতিয়া বহুতেই হেনো প্ৰশ্ন কৰিছিল যে সংখ্যালঘুৰ ভোট আপোনালোকে নাপাব, ১৫ হাজাৰ সংখ্যালঘু লোক থকা এই অঞ্চলটোক তেওঁ কিয় নিজৰ সমষ্টিত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছে?

তেতিয়া মন্ত্ৰীগৰাকীয়ে কৈছিল যে মোৰ অঞ্চলৰ মানুহৰ ওপৰত বিশ্বাস আছে, এই ১৫ হাজাৰ মানুহৰ ভোট মই লৈ দেখুৱাম আৰু সেই কাৰণে এই অঞ্চলটো মই অন্তৰ্ভু্ক্ত কৰিছো বুলি আজিৰ সভাত ভাষণৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে ৰাইজক অৱগত কৰে। তেওঁ কয় যে অঞ্চল এটাত যেতিয়া সমস্যা থাকে, তেতিয়া সেই অঞ্চলটোক নেতৃত্ব দি ভাল লাগে। কাৰণ সমস্যাবিলাক সমাধান কৰাটোৱেই আমাৰ চৰকাৰৰ মূল দায়িত্ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সকলো অঞ্চলতে আমি সমবিকাশ কৰিব লাগিব, প্ৰতিটো জাতি-ধৰ্মাৱলম্বীৰ সমবিকাশ কৰিব লাগিব আৰু তাৰ মাজেৰে আমি অসমক ভাৰতবৰ্ষৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিব পাৰিম।

সেই কাৰণে আমাৰ লক্ষ্য হ’ল যি অঞ্চল পিছপৰি থাকে তাৰ দায়িত্ব বেছিকৈ ল’ব লাগে আৰু তাৰ দায়িত্ব লৈ কাম আগবঢ়াব লাগে, এয়াই আমাৰ সংকল্প। আনহাতে, কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজে যাতে কৃষিকৰ্ম কৰি নিজৰ উপাৰ্জন বঢ়াই জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ দায়িত্ব মন্ত্ৰীগৰাকীৰ হাতত থাকিব বুলি তেওঁ সভাত প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ উপৰি ধান, সৰিয়হ, আদি চৰকাৰে ন্যূনতম সমৰ্থন মূল্যত কিনি খেতিয়কসকলৰ কিদৰে উন্নয়ন কৰিছে সেই বিষয়েও উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ধান, সৰিয়হৰ লগতে এইবাৰ ঘেহুও ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰাৰ কথা উল্লেখ কৰে।

খেতিয়কসকলৰ উন্নয়ন কৰাটোৱে তেওঁলোকৰ লক্ষ্য বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিগত চাৰিটা বছৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে এটা বেলেগ ধৰণৰ উন্নয়নৰ দিশ দেখিবলৈ পাইছে। চাৰিওফালে উন্নয়ন, বিকাশৰ লগে লগে সমৃদ্ধিয়ে বিৰাজ কৰিছে। সকলো জাতি-জনগোষ্ঠী-ধৰ্মাৱলম্বী লোকৰ মাজত সম্প্ৰীতি আৰম্ভ হৈছে। আমি ২০২১ চনত যেতিয়া নিৰ্বাচন খেলিছিলো, তেতিয়া আমি এটাও সংখ্যালঘুপ্ৰধান অঞ্চল জিকিব পৰা নাছিলো। কিন্তু মাত্ৰ তিনিটা বছৰ পিছত ২০২৪ চনত যেতিয়া চামগুৰিৰ নিৰ্বাচন হ’ল, য’ত ৮০ শতাংশ সংখ্যালঘু মানুহ আছে, সেই সমষ্টিও আমি বিপুল ভোটত বিজয়ী হ’বলৈ সক্ষম হৈছো। এয়াই হ’ল আমাৰ সাৰ্থকতা। আমি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছো বুলি তেওঁ ভাষণত উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে ৰাইজ সদায় সচেতন হ’ব লাগে বুলি উল্লেখ কৰি কয় যে সচেতন ৰাইজৰ দায়িত্ব এইটোৱে যে আমি আমাৰ অঞ্চলৰ উন্নয়ন বিচাৰো। উন্নয়ন তেওঁলোকে কৰিব পাৰে যাৰ ওচৰত চৰকাৰ থাকে। ইঞ্জিন নথকা গাড়ী চলিব নোৱাৰে। তদ্ৰুপ চৰকাৰত নথকা দলে উন্নয়ন কৰিব নোৱাৰে। বাকী বিৰোধী দলসমূহৰো ইঞ্জিন নাই। কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছ দলৰ আজি ১০ বছৰে ইঞ্জিন নাই। ইঞ্জিন নথকা গাড়ীৰ কাম নাই।

আগন্তুক ৫০ বছৰতো কংগ্ৰেছ দলৰ ইঞ্জিন থকাৰ কোনো সম্ভাৱনা নাই বুলি তেওঁ কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে। ইঞ্জিন যদি আছে ভাৰতীয় জনতা পাৰ্টি আৰু অগপ দলৰ আছে। আজি আমাৰ দিছপুৰত চৰকাৰ আছে, আমাৰ ইঞ্জিন এটা তাত লাগি আছে। দিল্লীত চৰকাৰ আছে, দিল্লীত মোদী ডাঙৰীয়াৰ নেতৃত্বত এটা ইঞ্জিন আছে। গতিকে দুটা ইঞ্জিনেৰে আমি কাম কৰিয়ে আছো। এতিয়া পঞ্চায়ত পৰ্যায়ত যদি আপোনালোকে তিনি নম্বৰ ইঞ্জিনটো লগাই দিয়ে তেতিয়া এই অঞ্চলৰ যাত্ৰাটো বেছি ভাল হ’ব, তীব্ৰ গতিত আগবাঢ়ি যাব। সেয়ে আমি ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ কৰিব লাগিব।

আনহাতে, নলবাৰীৰ মুগকুছিত বিজেপিৰ বাঁহজানী মণ্ডলৰ দ্বাৰা আয়োজিত ভাৰতীয় জনতা পার্টি-অসম গণ পৰিষদ মিত্রজোঁটৰ আন এক বিজয় সংকল্প সমাৱেশত মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যখনৰ লগতে দেশলৈ অনা সর্বাংগীন উন্নয়ন সম্পর্কে অৱগত কৰে। জয়ন্ত মল্ল বৰুৱাই উন্নয়নৰ ধাৰা গ্ৰাম্যাঞ্চলৰ চুকে-কোণে বিয়পাই দিবৰ বাবে পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্রজোঁটক ভোট দিবলৈ আহ্বান জনায়।

আজিৰ এই সমাৱেশত বিজেপিৰ নলবাৰীৰ জিলা সভাপতি জয়ন্ত বুজৰবৰুৱা আৰু সাধাৰণ সম্পাদক পুলক শর্মা, পঞ্চায়ত নিৰ্বাচন সহ-প্ৰভাৰী জুৰি শর্মা বৰদলৈ, বিজেপি বাঁহজানী মণ্ডলৰ সভাপতি মিন্টু তামুলী, নলবাৰী বিধানসভা সমষ্টিৰ অগপৰ সভাপতি সনাতন ৰাজবংশী, ভাৰতীয় জনতা যুৱ মর্চা অসম প্রদেশৰ উপ-সভাপতি জয়ন্ত শইকীয়া তথা অন্যান্য দলীয় নেতা-কর্মী উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে বিয়লি নলবাৰীৰ বৰজোলতো ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ উদ্যোগত আয়োজিত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

You might also like