নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Bodofa News : নতুন দিল্লীত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ প্রতিমূর্তি উন্মোচন

বডোফা হৈছে শান্তি, জনজাতীয় সমাজৰ উত্থান আৰু আত্ম–অধিকাৰৰ প্রতীক : মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : কেন্দ্রীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্রী অমিত শ্বাহে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অসম চৰকাৰে গ্রহণ কৰা মহৎ প্রয়াসৰ অংশ হিচাপে দেশৰ ৰাজধানী নতুন দিল্লীত বড়ো সমাজৰ পথিকৃৎ বডোফা উপেন্দ্র নাথ ব্রহ্মৰ ৯ ফুট উচ্চতাৰ এক প্রতিমূর্তি উন্মোচন কৰাৰ লগতে তেওঁৰ নামেৰে এটা পথ তথা ৰটাৰী নামকৰণ কৰে৷

৮৩৫ মিটাৰ দৈর্ঘ্যৰ এই পথটো লালা  লাজপত ৰায় মার্গৰ পৰা আৰম্ভ হৈ কৈলাশ কলনি পথৰ বডোলেণ্ড হাউছ পাৰ হৈ ইউ টার্ণ লৈ পুনৰ লালা  লাজপত ৰায় মার্গ পথটোক সংযোগ কৰিছে৷

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজিৰ দিনটো অসমৰ বাবে এক গৌৰৱপূর্ণ দিন বুলি উল্লেখ কৰে৷ তেওঁ কয় যে বড়োসকলৰ স্বকীয় পৰিচয়ৰ বাবে অহোপুৰুষার্থ কৰা বডো সমাজৰ পিতৃ পুৰুষ হিচাপে খ্যাত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ পৱিত্র স্মৃতিত দিল্লীৰ কৈলাশ কলনিত এটা পথৰ নামাকৰণৰ লগতে বডোফাৰ এটি প্রতিমূর্তি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে উন্মোচন কৰাটো ৰাজ্যখনৰ বাবে এক বিৰল সন্মানৰ বিষয়৷

উপেন্দ্র নাথ ব্রহ্মৰ নেতৃত্বত বডো জাতিয়ে নিজৰ অধিকাৰ সুৰক্ষাৰ বাবে এক দীঘলীয়া সংগ্রামত লিপ্ত হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মহাত্মা গান্ধীৰ অহিংসা আন্দোলনৰ দ্বাৰা প্রেৰিত হৈ বডোফাই বডো জাতিৰ এই আন্দোলনক অহিংসা আৰু ন্যায়ৰ পথেৰে আগববাই লৈ গৈছিল৷ সুদীর্ঘ দিন ধৰি অব্যাহত থকা এই আন্দোলনে এনে এক পর্যায় পাইছিল গৈ যে কিছু সংখ্যক লোকে  অসমৰ বিভাজনকে ধৰি ভাৰতৰ পৰা বিচিছন্ন হৈ স্বাধীন বডো ভূমিৰ কথাও চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল৷

এই আন্দোলনত ৬ হাজাৰতকৈ অধিক লোকে অস্ত্র হাতত তুলি লোৱাৰ লগতে বডো ভূমিত হত্যা আৰু হিংসাৰ জৰিয়তে এক ব্যাপক হিংসাত্মক আন্দোলন গঢ়ি তুলিছিল৷ ইয়াৰ ফলত জনসাধাৰণৰ মাজত হতাশাৰ পৰিৱেশ বিৰাজ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এই আন্দোলন ৰোধ কৰাৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাছিল৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শাসনভাৰ গ্রহণ কৰাৰ পিছত তেখেতৰ নেতৃত্বত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শান্তিৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্রত গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী নেতৃত্বত আৰু কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ প্রচেষ্টাত ২০২০ চনত বডো শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু তাৰ পৰিণতিত অসমখন সামগ্রিকভাৱে এক শান্তিপূর্ণ অঞ্চলত পৰিণত হয়৷

তেওঁ কয় যে এসময়ত যি ঠাইত পৃথক বডো ভূমিৰ বাবে আন্দোলন হৈছিল সেই বডো ভূমিতে ৰাজ্য চৰকাৰে এই বছৰ অসম বিধান সভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰিছে, যি অসমৰ ঐক্য আৰু সংহতিৰ প্রতীক হিচাপে চিহ্ণিত হৈছে৷ বড়ো শান্তি চুক্তি ৰূপায়ণৰ দিশত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সহযোগিতাৰে লোৱা পদক্ষেপৰ ফলত আজি  বডো ভূমিয়ে শান্তি আৰু বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে৷

মুখ্যমন্ত্রীয়ে কয় যে নতুন দিল্লীত বডোফা উপেন্দ্র নাথ ব্রহ্মদেৱৰ নামত এটা পথৰ নামাকৰণ আৰু প্রতিমূর্তি উন্মোচনে দেশৰ জনজাতীয় সমাজখনৰ বাবে এক বিশেষ বার্তা বহন কৰিছে৷ এই পদক্ষেপে জনজাতীয় সমাজখনলৈ এক নতুন আশা আৰু প্রত্যয় কিিয়াই আনিছে৷ তেওঁ কয় যে এই শান্তি, বিশ্বাস আৰু সন্মান প্রদানৰ চিন্তা–চর্চা আৰু পদক্ষেপ যদি পূর্বতে গ্রহণ কৰা হলহেতেন, তেতিয়া হত্যা, হিংসাৰ পৰিৱেশে ৰাজ্যখনত গা কৰি নুঠিলেহেঁতেন৷ মুখ্যমন্ত্রীয়ে কয় যে অসমৰ এক গৌৰৱপূর্ণ ইতিহাস আছে৷ যেতিয়া মোগল সাম্রাজ্যৰ চুলতান ঔৰংগজেৱে সম্পূর্ণ দেশ শাসন কৰাৰ সপোন দেখিছিল সেই সময়ত অসমৰ সুপুত্র লাচিত বৰফুকনে ঔৰংগজেৱক পৰাজিত কৰি অসমৰ পৰা খেদি পঠিয়াইছিল৷

যেতিয়া নালন্দা বিশ্ববিদ্যালয়ক ধবংস কৰি বখতিয়াৰ খিলজী অসম আহি পাইছিল তেতিয়া অসমৰ সুপুত্র মহাৰাজ পৃথ্বুৱে তেওঁক পৰাজিত কৰি নালন্দা বিশ্ববিদ্যালয় ধবংসৰ প্রতিশোধো লৈছিল৷ তেওঁ কয় যে অসমত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে আধ্যাত্মিকতাৰ এক জাগৰণ আনিছিল৷ অসমত বাথৌ ধর্ম, ব্রহ্ম ধর্ম আদিৰ দৰে জনজাতীয় সমাজৰ ধর্মসমূহে মানৱতাৰ বার্তা সমগ্র সমাজলৈ বিলাই দিছে৷ বডোফা উপেন্দ্র নাথ ব্রহ্মৰ প্রতি আজি যেনেদৰে সন্মান প্রদর্শন কৰা হৈছে ঠিক তেনেদৰে প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহ মন্ত্রীৰ নেতৃত্বত মহাবীৰ লাচিত বৰফুকনকো সন্মান প্রদান কৰা হৈছে৷

এই কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মধ্যপ্রদেশত কেন্দ্রীয় সংৰক্ষিত বাহিনীৰ জাংগল ৱাৰফেয়াৰ নামৰ অতি পুৰণি প্রতিষ্ঠানটিক মহাবীৰ লাচিত বৰফুকনৰ নামেৰে নামাংকৃত কৰাৰ বাবে কিছুদিন পূর্বে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে সিদ্ধান্ত গ্রহণ কৰিছে৷ কেন্দ্রীয় চৰকাৰে অসম আৰু বডো সমাজৰ ইতিহাসক স্বীকৃতি প্রদানৰ যি যুগান্তকাৰী পদক্ষেপ লৈছে তাৰ ফলত ৰাজ্যবাসীৰ মনত নিজকে ভাৰত মাতৃৰ সন্তান হিচাপে ঐক্যবদ্ধতাৰে দেশৰ বিকাশৰ বাবে কাম কৰাৰ বাবে সাহস আৰু প্রেৰণা যোগাইছে৷

যিখন অসম এদিন হত্যা–হিংসাৰ বাবে জনাজাত হৈছিল, প্রধানমন্ত্রীৰ নেতৃত্বত আৰু কেন্দ্রীয় গৃহ মন্ত্রীৰ মার্গদর্শনত সেই অসমৰ পৰিৱর্তন সাধন হৈ আজি হত্যা–হিংসাৰ কথাটো বাদেই কোনো ধৰণৰ আন্দোলনৰ পৰিৱেশেই পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ বাবে কৃতজ্ঞ অসমবাসীৰ হৈ তেওঁ প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহ মন্ত্রীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে এই বিশেষ অনুষ্ঠান সফলতাৰে আয়োজনৰ ক্ষেত্রত আগবঢ়োৱা সহযোগিতাৰ বাবে দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তা আৰু কৈলাশ কলনি পথৰ বাসিন্দাসকলক ধন্যবাদ জনায়৷

বডোফা উপেন্দ্র নাথ ব্রহ্মৰ জীৱন পৰিক্রমা আৰু ৰাষ্ট্র নির্মাণত তেওঁৰ অৱদান সম্পর্কত এখন পুস্তিকা প্রকাশ কৰি দিল্লীৰ প্রতিটো কোণতে এই পুস্তিকাখন উপলব্ধ কৰোৱাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রীয়ে আগবেোৱা পৰামর্শৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে শীঘ্রে এই কাম হাতত লোৱা হব৷ তেওঁ কয় যে কেন্দ্রীয় গৃহ মন্ত্রীৰ নির্দেশমর্মে মহাবীৰ লাচিত বৰফুকনৰ জীৱন গাঁথা ভাৰতবর্ষৰ প্রতিটো ভাষাতে অনুবাদ কৰি ৰাজ্যসমূহৰ পুথিভঁৰাললৈ প্রেৰণ কৰাৰ ফলশ্রুতিত দেশৰ বহু কেইখন ৰাজ্যৰ পাঠ্যপুথিত মহাবীৰ লাচিত বৰফুকনৰ সম্পর্কত অধ্যায় অন্তর্ভুক্ত হৈছে৷

আজি বডোফা উপেন্দ্র নাথ ব্রহ্মৰ পৱিত্র স্মৃতিত আয়োজিত এই অভূতপূর্ব অনুষ্ঠানে বডো সমাজক  আৱেগিক কৰি তুলিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে  বডোফা উপেন্দ্র নাথ ব্রহ্মই ৰাষ্ট্রীয় পর্যায়ত এনে এক সন্মান লাভ কৰাটো ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ বিষয়৷ তেওঁ কয় যে বডোফা উপেন্দ্র নাথ ব্রহ্মদেৱ এনে এক সন্মানৰ যোগ্য অধিকাৰী৷ তেওঁ হৈছে শান্তি, জনজাতীয় সমাজৰ উত্থান আৰু আত্ম–ধিকাৰৰ প্রতীক৷

অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তা, কেন্দ্রীয় বৈদেশিক পৰিক্রমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পবিত্র মার্ঘেৰিটা, অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, ৰণগৌডা নার্জাৰী, বাসুৰী স্বৰাজ, বিধায়িকা শিখা ৰয়, বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডো, দিল্লীৰ মেয়ৰ ৰাজা ইকবাল, বডো সাহিত্য সভাৰ সভাপতি সুৰথ নার্জাৰী, সদৌ বডো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বডোৰ উপৰি অসম চৰকাৰৰ মুখ্য সচিব ডঙ্ম ৰবি কোটা  প্রমুখ্যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিষয়াবর্গ আৰু গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like