নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰে সু–সম্পর্ক আছে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ

🔹 জাগীৰোড–হোজাইত মাৰাথন নির্বাচনী প্রচাৰ মন্ত্রী হাজৰিকাৰ

বিশেষ বাৰ্তা, ৪ মে’ : জাগীৰোড সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যাটো আছিল বান সমস্যা৷ আগতে মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে প্রায় পাঁচ মাহ সমগ্র মায়ং অঞ্চলটো সাগৰসদৃশ হৈ পৰিছিল৷ পাভকাটি, লেহকাটি, আশীগড়, গাগলমাৰী আদি অঞ্চলৰ ৰাইজে পাঁচ মাহ নাৱেৰে যাতায়াত কৰিব লগা হৈছিল৷ কিন্তু আজি সেই পৰিৱেশ নাই৷ ৰাস্তা–মথাউৰি নির্মাণ কৰাৰ পিছত আজি সেই পৰিৱেশ নোহোৱা হ’ল৷– এই মন্তব্য জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ কালি জাগীৰোড সমষ্টিৰ মায়ং আঞ্চলিক ক্রীড়া সন্থাৰ খেলপথাৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত এখন বিশাল নির্বাচনী প্রচাৰ সভা সম্বোধন কৰি এইদৰে মন্তব্য কৰে মন্ত্রীগৰাকীয়ে৷ মন্ত্রীগৰাকীয়ে অসমৰ সকলোতকৈ বানবিধ্বস্ত সমষ্টি জাগীৰোডৰ ৯০ শতাংশ বান সমস্যা নোহোৱা কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে৷ উল্লেখ্য যে এই সমগ্র অঞ্চলটোত বৃহৎ মাকৈৰ খেতি হয়৷ কৃষকে ধান খেতি কৰি যদি এবিঘাত ১৫ হাজাৰ টকা উপার্জন কৰে, ইয়াৰ বিপৰীতে মাকৈ খেতি যদি এবিঘা কৰে তেন্তে ৩০ হাজাৰ টকা উপার্জন কৰে৷ মন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয় যে আগতে মথাউৰি নথকাৰ বাবে মানুহে ইয়াত মাকৈৰ খেতি কৰিব পৰা নাছিল৷ মথাউৰি নির্মাণ কৰাৰ পিছত ইয়াত বান নোহোৱা হ’ল আৰু এই অঞ্চলৰ মানুহে ইয়াত মাকৈৰ খেতি কৰি এতিয়া যথেষ্ট লাভান্বিত হৈছে বুলি কয়৷ মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জাগীৰোডবাসীক ছেমিকণ্ডাক্টৰ উপহাৰ দিয়াৰ কথাও উল্লেখ কৰি কয় যে জাগীৰোড অসমৰ ইণ্ডাষ্ট্রিয়েল হাব হ’ব৷ এনেদৰে মন্ত্রীগৰাকীয়ে সমষ্টিত ৰূপায়ণ কৰা চৰকাৰী বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি ভাষণ দিয়ে৷ এই সভাতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ায়ো ভাষণ দিয়ে৷ শইকীয়াই ৰাইজক সম্বোধন কৰি মায়ং অঞ্চল আজি বানৰ পৰা বহু পৰিমাণে মুক্ত হৈছে বুলি কয়৷ ইয়াৰ কৃতিত্ব তেওঁ মুখ্যমন্ত্রী ড০ শর্মা আৰু মন্ত্রী পীয়ূষ হাজৰিকাক দিয়ে৷ তদুপৰি ভাৰত–ভূটান সীমান্তত থকা জালিমুখ বান্ধ প্রায় ২২ কোটি টকাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু জলসম্পদ মন্ত্রী হাজৰিকাই নির্মাণ কৰি দিয়াৰ বাবে আজি জাগীৰোড, ছিপাঝাৰ সমষ্টিকে ধৰি পাঁচটা সমষ্টিত বানৰ তাণ্ডৱ হ্রাস পাইছে বুলি উল্লেখ কৰে৷ তেওঁ কয় যে বিজেপি চৰকাৰে হাজাৰ হাজাৰ কিলোমিটাৰ মথাউৰি শক্তিশালীভাৱে পুনৰ নির্মাণ কৰিছে৷ নতুন ৰূপত নির্মাণ কৰিছে ৰাস্তা আৰু মথাউৰি৷ বান আৰু খহনীয়া প্রতিৰোধ কৰিছে বিজেপি চৰকাৰে৷ তেওঁ কয় যে বিজেপিৰ চৰকাৰ ৰাইজৰ প্রতি দায়বদ্ধ চৰকাৰ৷ ৰাইজক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ সাজু থকা, দায়িত্বশীল তথা সদা জাগ্রত চৰকাৰ৷ বিজেপিৰ সভাপতিগৰাকীয়ে ভাৰতীয় শাসন ব্যৱস্থাৰ অন্যতম শাসন ব্যৱস্থা পঞ্চায়তীৰাজ বুলি উল্লেখ কৰি পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা দাঙি দৰে৷ বিজেপিৰ সভাপতিগৰাকীয়ে জাগীৰোড তথা মায়ংবাসীয়ে বিজেপি মিত্রজোঁটৰ প্রার্থীক ভোট দি ত্রিপল ইঞ্জিনৰ চৰকাৰ প্রতিষ্ঠা কৰাত উল্লেখনীয় ভূমিকা গ্রহণ কৰিব বুলি আশা ব্যক্ত কৰে৷ সভাত মৰিগাঁও জিলা পঞ্চায়ত নির্বাচনৰ সহঃ তত্ত্বাৱধায়ক ৰাতুল শর্মা, মৰিগাঁও জিলা বিজেপিৰ সভাপতি ৰামপ্রসাদ সৰকাৰ, মৰিগাঁও জিলা অগপৰ সভাপতি ৰাজেন বড়াৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ পিছত মন্ত্রীগৰাকীয়ে জাগীৰোড সমষ্টিৰ ঔজাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ সৈতে আন এখন বিশাল নির্বাচনী প্রচাৰ সভাত অংশ লয়৷ সভাত মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে হাতত লোৱা উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে আৰু সকলোকে বিজেপি আৰু মিত্রজোঁটৰ প্রতি আস্থা–বিশ্বাস, মৰম অব্যাহত ৰাখি পঞ্চায়ত নির্বাচনত বিজেপি আৰু মিত্রজোঁটৰ প্রার্থীসকলক অভিলেখসংখ্যক ভোটত জয়ী কৰিবলৈ আহ্বান জনায়৷ সভাত বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো ভাষণ দাঙি ধৰে৷ এই সভাত বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা পঞ্চায়ত নির্বাচনৰ সহঃ তত্ত্বাৱধায়ক ৰাতুল শর্মা, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰ, মৰিগাঁও জিলা বিজেপিৰ সভাপতি ৰামপ্রসাদ সৰকাৰ, মৰিগাঁও জিলা অগপৰ সভাপতি ৰাজেন বড়া আদিৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ একেদিনাই মন্ত্রীগৰাকীয়ে হোজাই বিধানসভা সমষ্টিৰ ৰাজাগাঁও ৰাজহুৱা প্রেক্ষাগৃহত বিজেপিৰ ‘বিজয় সংকল্প সমাৰোহ’ত অংশ লয়৷ ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৰহা সমষ্টিত প্রায় ৩২ হাজাৰ পৰিয়ালক অৰুণোদয় দিয়াৰ কথা উল্লেখ কৰি আৰু ৫ হাজাৰ পৰিয়ালক অৰুণোদয় দিয়াৰ প্রতিশ্রুতি দিয়ে৷ আনহাতে, কংগ্রেছ দলক তীব্র সমালোচনা কৰি মন্ত্রীগৰাকীয়ে সাংসদ গৌৰৱ গগৈক পুনৰ আক্রমণ কৰে৷ তেওঁ কয় প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ  পুত্র তথা সাংসদ গৌৰৱ গগৈয়ে ১৫ দিনকৈ পাকিস্তানত কটাই আহে৷ মনে মনে গৈ পাকিস্তানত কটাই আহে৷ ইপিনে, পাকিস্তানে প্রত্যেক দিনাই আমাৰ ভাৰতীয় মানুহক মাৰিবলৈ বিচাৰি থাকে৷ এই সন্দর্ভত মন্ত্রীগৰাকীয়ে পেহেলগামৰ বর্বৰ ঘটনাৰ উদাহৰণ দাঙি ধৰে৷ পাকিস্তানৰ লগত কংগ্রেছ নেতা গৌৰৱ গগৈৰ সু–সম্পর্ক থকা বুলি তেওঁ ভাষণত উল্লেখ কৰে৷ তেওঁ পুনৰ কয় যে গৌৰৱ গগৈৰ দুয়োটা সন্তান ব্রিটিছ নাগৰিক৷ তেওঁৰ সন্তান ভাৰতীয় নহয়৷ ইয়াৰ অর্থ হ’ল যে ভাৰতবর্ষক তেওঁলোকে ভাল নাপায়, অসমক তেওঁলোকে ভাল নাপায়৷ অকল ৰাজনীতি কৰি তেওঁলোক ইয়ালৈ নেতাগিৰি কৰিবলৈ আহে৷ বাকী সময়খিনি তেওঁলোকে লণ্ডনত কটায়৷ এয়াই হৈছে কংগ্রেছ দল৷ এনেকুৱা কংগ্রেছ দলক ভোট দিলে কষ্ট হ’ব বুলি তেওঁ কয়৷ তেওঁ কয়– হিন্দু–মুছলমান কোনো কথা নাই, আমি সকলোৰে ভোট বিচাৰোঁ৷ পাকিস্তানী সমর্থকৰ ভোট আমাক নালাগে৷ পাকিস্তানক সমর্থন কৰা মানুহক তেওঁ কংগ্রেছক ভোট দিবলৈ কয়৷ আনহাতে, ৰাষ্ট্রবাদী মানুহক বিজেপি–এজিপিক ভোট দিবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ সভাত ৰাইজৰ আশাব্যঞ্জক সঁহাৰি, মৰমত ইতিমধ্যেই বিজেপি মিত্রজোঁটৰ মনোনীত প্রার্থীসকলৰ জয় একপ্রকাৰ সুনিশ্চিত বুলি মন্ত্রীগৰাকীয়ে মত প্রকাশ কৰে৷ মন্ত্রীগৰাকীয়ে পুনৰ সকলোকে বিজেপি মিত্রজোঁটৰ প্রার্থীসকলক বিপুলসংখ্যক ভোটত জয়ী কৰাবলৈ আহ্বান জনায়৷ এইখন সভাত সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক ৰামকৃষ্ণ ঘোষ, বিজেপিৰ হোজাই জিলাৰ পঞ্চায়ত নির্বাচনৰ সহঃ তত্ত্বাৱধায়ক অভিজিত নাথ আদিৰ লগতে দলীয় কার্যকর্তা, শুভাকাংক্ষী উপস্থিত থাকে৷ মোৰাঝাৰতো মন্ত্রীগৰাকীয়ে বিয়লি আন এখন নির্বাচনী প্রচাৰ সভাত উপস্থিত থাকি ৰাইজক সম্বোধন কৰে৷

You might also like