নিউজ ডেস্ক, ৫ মে’ : একেৰাহে ৬টা ছয় কোবাই আইপিএলত ইতিহাস অসম-সন্তান ৰিয়ান পৰাগৰ। ৰাজস্থান ৰয়েলছে ইতিমধ্যে আইপিএলৰ পৰা বিদায় ল’লেও কালিৰ মেচখন কলকাতা নাইট ৰাইডার্ছৰ বাবে আছিল অতিশয় গুৰুত্বপূর্ণ৷ ৰাজস্থানৰ বাবে সন্মান ৰক্ষাৰ যুঁজ আছিল যদিও মেচখনত বিজয়েৰে কলকাতাই প্লে-অফত ক্ষীণ আশা সজীৱ কৰি ৰখাৰ সম্ভাৱনা আছিল৷ সেই লক্ষ্যৰে অৱতীর্ণ হোৱা কলকাতাই মাত্র ১ ৰানৰ ৰোমাঞ্চকৰ ব্যৱধানত মেচখন নিজৰ দখললৈ নিলে৷ অধিনায়ক ৰিয়ান পৰাগৰ চমকপ্রদ ৯৫ ৰানৰ ইনিংছ সত্ত্বেও কলকাতাই জয়লাভ কৰি পইণ্ট তালিকাত স্থান উন্নীত কৰিলে৷
মেচখনত টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয় কলকাতাই৷ দলটোৱে নির্ধাৰিত অভাৰত ৪ উইকেটৰ বিনিময়ত ২০৬ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত ৰাজস্থানে ৮ উইকেট হেৰুৱাই সংগ্রহ কৰে ২০৫ ৰান৷ অন্তিম বলত ৩ ৰানৰ প্রয়োজন আছিল যদিও ২ ৰান কৰিলেও ছুপাৰ অভাৰ হ’লহেঁতেন৷ কিন্তু ২ ৰান ল’বলৈ গৈ ৰান আউট হয় জ’ফ্রা আর্চাৰ৷ আপ্রাণ চেষ্টা কৰিও দলক বিজয়ী কৰাব নোৱাৰিলে ৰিয়ানে৷ ফলত অথলে যায় তেওঁৰ এটি সুন্দৰ ইনিংছ৷ প্রথমে বেটিং কৰি কলকাতাই ধীৰ গতিত আৰম্ভ কৰিছিল যদিও আন্দ্রে ৰাছেলে বিধ্বংসী বেটিং কৰে৷ ৰহমান উল্লাহ গুৰবাজ (৩৫), আজিংক্য ৰাহানে (৩০) আৰু অংগকৃষ ৰঘুবংশীয়ে (৪৪) ৰান পালেও কিছু বল ব্যয় কৰে৷ কিন্তু ইডেনৰ মন্থৰ পিটছত ৰুদ্র মূর্তি ধাৰণ কৰে ৰাছেলে৷ ২২টা বলত তেওঁ অর্ধশতৰান পূর্ণ কৰে৷ শেষ পর্যন্ত ২৫টা বলত ৫৭ ৰানত অপৰাজিত হৈ ৰয় কেৰিবিয়ান বেটাৰগৰাকী৷
২০৬ ৰানৰ কঠিন লক্ষ্য সন্মুখত লৈ আৰম্ভণিতে মুখথেকেচা খায় ৰাজস্থানে৷ ৪ কোবাই আৰম্ভ কৰিলেও দ্বিতীয়টো বলত আউট হয় বৈভৱ সূর্যবংশী৷ শূন্যত আউট হয় কুনাল সিং ৰাথোৰ৷ যশস্বী জয়ছোৱালে কৰে ৩৪ ৰান৷ শূন্যত আউট হয় ধ্রুৱ জুৰেল আৰু ৱানিন্দু হাছাৰাংগা৷ ৭১ ৰানত ৫টা উইকেট হেৰুৱাই শ’লঠেকত পৰা ৰাজস্থানক ওভতাই আনে ৰিয়ানে৷ মইন আলীৰ ক্রমাগত ৫টা বলত ৫টা ৬ কোবায় ৰাজস্থানৰ অধিনায়কগৰাকীয়ে৷ পৰৱর্তী অভাৰত বৰুণ চক্রৱর্তীৰ প্রথমটো বলতো ৬ কোবায় পৰাগে৷ উল্লেখ্য যে আইপিএলৰ ইতিহাসত একেৰাহে ৬টা ছয় কোবোৱা ৰিয়ানেই প্রথমগৰাকী বেটাৰ৷ তেওঁ একেৰাহে ৫টা বলত ছয় মৰা ক্রিছ গেইল, কেইৰন পলার্ড আৰু ৰিংকু সিঙৰ অভিলেখ ভংগ কৰে৷ ঘটনাক্রমে আটাইকেইগৰাকী বেটাৰে দ্বিতীয় ইনিংছত এই কৃতিত্ব গঢ়ে৷ হেটমায়াৰৰ সৈতে তেওঁ ৪৮টা বলত ৯২ ৰানৰ যুটি বান্ধে৷ কিন্তু ৪৫টা বলত ৯৫ ৰান কৰি ৰিয়ান আউট হোৱাৰ পিছতে দলৰ পৰাজয় নিশ্চিত হয়৷ তেওঁৰ বিদায়ৰ লগে লগে শতৰান আৰু দলৰ বিজয় আধৰুৱা হৈ ৰয়৷