বিশিষ্ট শিল্পী অমূল্য বৰুৱা-ৰ লণ্ডনত দেহাৱসান
🔹 ‘পর্যটন’ৰ এশিঙীয়া গঁড়ৰ সৈতে লগ’ ডিজাইন কৰোঁতা
বিশেষ বাৰ্তা, ৫ মে’ : গ্রাফিক্স ডিজাইনেৰে আন্তঃৰাষ্ট্রীয় পর্যায়ত স্বীকৃতি লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই অনা বিশিষ্ট শিল্পী অমূল্য বৰুৱা আৰু নাই৷ শনিবাৰে লণ্ডনস্থিত নিজ বাসগৃহত প্রখ্যাত গ্রাফিক্স ডিজাইনাৰগৰাকীয়ে হূদৰোগত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত প্রথিতযশা শিল্পীগৰাকীৰ বয়স হৈছিল ৭৫ বছৰ৷ তৈলনগৰী ডিগবৈত জন্মগ্রহণ কৰা অমূল্য বৰুৱাই গ্রাফিক্স ডিজাইনৰ ক্ষেত্রখনত বিশ্বজুৰি স্বীকৃতি লাভৰ বাবে আৰম্ভ কৰা যাত্রা সকলোৰে বাবে অনুপ্রেৰণাদায়ক৷ কটন কলেজৰ পৰা তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্রী গ্রহণ কৰাৰ পিছত মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আর্টৰ বাণিজ্যিক কলা বিভাগৰ পৰা স্নাতক ডিগ্রী লাভ কৰে৷ মুম্বাইত শিক্ষাগ্রহণ কৰি থকা সময়তে তেওঁ ৰাজ্যৰ পর্যটন বিভাগৰ এশিঙীয়া গঁড়ৰ আইকনিক ল’গ’টো ডিজাইন কৰিছিল৷ সত্তৰৰ দশকৰ শেষৰফালে তেওঁ ইংলেণ্ডলৈ স্থানান্তৰিত হয় আৰু তাত প্লাছ ৱান ডিজাইন নামৰ এটা ডিজাইন প্রতিষ্ঠান স্থাপন কৰে৷ এই প্রতিষ্ঠানখনে পৰৱর্তী সময়ত লণ্ডনৰ আগশাৰীৰ গ্রাফিক্স ডিজাইনৰ প্রতিষ্ঠান হিচাপে প্রতিষ্ঠা লাভ কৰে৷ লণ্ডনতে স্থায়ীভাৱে বসবাস কৰা এইগৰাকী বিশিষ্ট শিল্পীয়ে আন কেতবোৰ উল্লেখযোগ্য প্রতিষ্ঠানৰ ল’গ’ ডিজাইনৰ সৈতেও ওতপ্রোতভাৱে জড়িত আছিল৷ অসম ৰাজ্যিক পৰিবহণ নিগম, ইণ্ডিয়ান অইল, এনআৰএল আদিৰ দৰে গুৰুত্বপূর্ণ প্রতিষ্ঠানৰ ল’গ’ ডিজাইন কৰিছিল৷ মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, পুত্র আৰু বোৱাৰীক ইহসংসাৰত এৰি যায়৷