সাপ-ৰ বিষ শৰীৰত গ্রহণ কৰি নিজেই প্রতিষেধক
🔹 আমেৰিকাৰ টীম ফ্রীডৰ বিস্ময়কৰ কাহিনী : ২০ বছৰ ধৰি লৈছে সাপৰ বিষৰ ইনজেকছন
নিউজ ডেস্ক, ৫ মে’ : ইনজেকছনৰ জৰিয়তে বিশ বছৰ ধৰি নিজৰ শৰীৰত সাপ-ৰ বিষ গ্রহণ কৰিছিল এজন ব্যক্তিয়ে৷ আমেৰিকাৰ সেই ব্যক্তিগৰাকীৰ তেজেই এতিয়া হৈ পৰিছে সর্পবিষৰ ‘উত্তম’ প্রতিষেধক৷ শেহতীয়াকৈ এই দাবী কৰিছে আমেৰিকাৰ কেইবাগৰাকীও বিজ্ঞানীয়ে৷ বিশ্বত প্রতিবছৰ বিভিন্ন ধৰণৰ বিষাক্ত সাপৰ কামোৰত প্রায় ডেৰ লাখ লোকে প্রাণ হেৰুৱাবলগীয়া হয়৷ এই পৰিসংখ্যাই ভবাই তুলিছিল আমেৰিকাৰ টীম ফ্রীডক৷
বিশ বছৰ পূর্বে ফ্রীডে সংকল্প গ্রহণ কৰে যে বিভিন্ন সাপৰ বিষ ইনজেকছনৰ জৰিয়তে নিজৰ শৰীৰত গ্রহণ কৰিব তেওঁ৷ লক্ষ্য এটাই– বিশ্বৰ সমস্ত সাপে খোঁটা মানুহৰ বাবে এবিধ উৎকৃষ্টতম প্রতিষেধক প্রস্তুত কৰা৷ সেই লক্ষ্যত টীম ফ্রীড সফল বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলৰ একাংশই৷ কাৰণ বিভিন্ন বিষধৰ সাপৰ বিষ নিজৰ শৰীৰত লোৱাৰ ফলত মার্কিন নাগৰিক ফ্রীডৰ তেজ হৈ পৰিছে উৎকৃষ্টতম প্রতিষেধক৷ সর্পদংশনত আক্রান্ত ৰোগীসকলৰ জীৱন ৰক্ষা কৰিবলৈ কেনেদৰে ফ্রীডৰ তেজৰ নমুনাক প্রতিষেধক হিচাপে কামত লগোৱা হয়, তাক লৈ আলোচনা আৰম্ভ হৈছে৷
প্রাথমিকভাৱে জানিব পৰা গৈছে যে বিগত দুটা দশকত ৭০০টা বিষাক্ত ইনজেকছন গ্রহণ কৰিছে ফ্রীডে৷ বিভিন্ন বিষাক্ত সাপৰ প্রায় ২০০বাৰ দংশনৰ সন্মুখীন হৈছে তেওঁ৷ বিষাক্ত সাপৰ তালিকাত আছে ফেঁটী, ৰাছেল ভাইপাৰ আদিও৷ ফ্রীডে নিজেই জনাইছে যে বিষাক্ত সাপৰ বিষ শৰীৰত প্রৱেশ কৰোৱাৰ পূর্বে তেওঁ নিজৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ চেষ্টা চলাইছিল৷ এই ক্ষেত্রত তেওঁ সম্পূর্ণৰূপে সফল হোৱা বুলি অৱশ্যে এতিয়াও দাবী কৰা নাই৷ কিন্তু ধাৰাবাহিকভাৱে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিছে টীম ফ্রীডে৷
লক্ষণীয়ভাৱে বিষাক্ত ফেঁটী সাপৰ কামোৰত দুবাৰকৈ সংজ্ঞাহীন অৱস্থালৈ গৈছিল টীম ফ্রীড৷ কিন্তু সেই অৱস্থাৰ পৰাও পুনৰ ঘূৰি আহিছে মার্কিন এই ব্যক্তিজন৷ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ ফলত কোমা পর্যায়ৰ পৰা উভতি অহাটো সম্ভৱ হোৱা বুলি দাবী কৰিছে টীম ফ্রীডে৷ বিভিন্ন ধৰণৰ সাপৰ বিষৰ ধৰণ বিভিন্ন প্রকাৰৰ হ’ব পাৰে৷ সেইবাবে বিশ্বৰ সকলোতে একেই ধৰণৰ প্রতিষেধক কার্যকৰী নহয়৷ অর্থাৎ আমেৰিকাত বিষাক্ত সাপৰ দংশনৰ দ্বাৰা আক্রান্ত ৰোগী এজনক সুস্থ কৰিবলৈ যি প্রতিষেধক গ্রহণ কৰা হয়, সেয়া অন্য দেশত কার্যকৰী নহ’বও পাৰে৷ ইয়াৰ মূল কাৰণ হৈছে- অঞ্চল অনুসৰি বিষাক্ত সাপৰ বিষৰ প্রকাৰ বিভিন্ন৷ এই কথা ইতিমধ্যে জানিবলৈ সক্ষম হৈছে টীম ফ্রীডে৷