বিশেষ বাৰ্তা, ৬ মে’ : অসম-ৰ ভিন্ন প্রান্তৰ লগতে সোণাপুৰতো জোৰদাৰ হৈছে নির্বাচনী প্রচাৰ৷ সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত বিজেপিৰ বিশাল নির্বাচনী সভাত মন্ত্রী পীয়ূষ হাজৰিকাই অংশগ্রহণ কৰে৷ মন্ত্রীগৰাকীয়ে কংগ্রেছক চোকা সমালোচনা কৰে৷ ভাষণত তেওঁ কয়– গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সম্পর্ক আছে৷ তেওঁৰ অসমৰ বায়ু–পানীৰ লগত কোনো সম্পর্ক নাই৷ কংগ্রেছ দল আৰু ৰাইজৰ দলৰ কিছু পৰিমাণে পাকিস্তানৰ প্রতি সমর্থন আছে৷ সেইবাবে তেওঁলোকে পাকিস্তানক বেয়াকৈ নকয়৷ পাকিস্তানক বেয়াকৈ ক’লে কংগ্রেছে ভোট নাপায়৷ অখিল গগৈও সেই একে লাইনতে গুচি গ’ল৷ যিসকল পাকিস্তানী সমর্থকক ধৰি আছে, তেওঁলোকৰ লিগেচী যদি চায় তেন্তে জানিব যে সেইসকল লোক পাকিস্তানী সমর্থক৷ তেওঁলোকে ভাৰততকৈ পাকিস্তানক বেছি ভাল পায়৷ গৌৰৱ গগৈ পাকিস্তানত গৈ ১৫–২০ দিন আছিল৷ তাত তেওঁ কি কৰিছিল৷ গৌৰৱ গগৈয়ে নিজৰ ল’ৰা–ছোৱালীক ব্রিটিছ নাগৰিকত্ব দিয়ে দিলে৷ তেওঁ কোনদিনা অসম আৰু ভাৰত এৰি গুচি যায় ক’ব নোৱাৰি৷ তেওঁ কয়– কংগ্রেছৰ সময়ত শিক্ষা, স্বাস্থ্যৰ ক্ষেত্রত কি আছিল অসমৰ ৰাইজে এই কথা জানে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিনে–নিশাই অহৰহ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি আছে৷ আমি সকলো মিটিঙতে কেমেৰাৰ সন্মুখতে ৰাইজক সুধিছো, বিজেপিক কিয় ভোট দিব৷ তেতিয়া ৰাইজে কৈছে যে অসমৰ সকলোতে উন্নয়ন হৈছে৷ ৰাজ্যত এতিয়া সকলোতে মেডিকেল কলেজ, বিশ্ববিদ্যালয়, কলেজ হৈছে৷ ডেৰ লাখ নিৱনুৱাক চাকৰি দিছে৷ কংগ্রেছে অসমত ৬০ বছৰ শাসন কৰি ৰাজ্যখনত কেইখন মেডিকেল কলেজ কৰিলে বুলি মন্ত্রী হাজৰিকাই প্রশ্ণ কৰে৷ তেওঁ কয়– বিজেপিৰ শাসন কালত অসমত ১৯খন মেডিকেল কলেজ স্থাপন কৰা হ’ল৷ কংগ্রেছৰ সময়ত এখন মেডিকেল কলেজ স্থাপন কৰোঁতে সময় লাগিছিল ১০ বছৰ৷ আৰু আমি এবছৰত দুখন নির্মাণ কৰিছোঁ৷ শিক্ষা আৰু স্বাস্থ্য সকলো ক্ষেত্রতে উন্নয়ন হৈছে৷ কংগ্রেছৰ শাসন কালত ৰাস্তা–ঘাটৰ অৱস্থা কি আছিল বুলি প্রশ্ণ তুলি মন্ত্রী হাজৰিকাই কয়– আমাৰ শাসন কালত এতিয়া চৌদিশে উন্নয়ন হৈছে৷ উন্নয়নৰ আঁচনিয়ে ৰাজ্যবাসীৰ সকলোৰে মুখত হাঁহি বিৰিঙাইছে৷ ৰাস্তা–ঘাট, চিকিৎসা, শিক্ষা সকলোতে উন্নয়ন হৈছে৷ উল্লেখ্য যে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা আৰু সোণাপুৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত সভাখনত আদৰণী ভাষণ দিয়ে সোণাপুৰ মণ্ডলৰ সভাপতি শুক্লেশ্বৰ টেৰণে৷ সভাত মন্ত্রী অতুল বৰাই কংগ্রেছক চোকা সমালোচনা কৰি বিজেপি আৰু অগপ মিএজোঁটৰ প্রার্থীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ সভাত প্রাক্তন মন্ত্রী সঞ্জয় কিষাণ, বিধায়ক অতুল বৰা, অগপৰ সাধাৰণ সম্পাদক ড০ তপন দাস, প্রাক্তন সাংসদ কুইন ওজা উপস্থিত থাকে৷