নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ বন্দৰলৈ আহিল তুৰস্কৰ যুদ্ধ জাহাজ

🔹 ভাৰত–পাকিস্তানৰ মাজত বাজি উঠিছে যুদ্ধৰ দুন্দুভি

নিউজ ডেস্ক, ৬ মে’ : পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণক কেন্দ্র কৰি যুদ্ধ -ৰ দুন্দুভি বাজি উঠিছে ভাৰত–পাকিস্তানৰ মাজত৷ দুয়োখন প্রতিৱেশী দেশৰ মাজত চলি থকা এই উত্তেজনাৰ মাজতে এইবাৰ কৰাচীৰ বন্দৰত উপস্থিত হ’ল তুৰস্কৰ যুদ্ধ জাহাজ৷ পৰহি পাকিস্তানী নৌসেনাৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে৷ পাক সেনাৰ তথ্য অনুসৰি, দুয়োখন দেশৰ সামুদ্রিক সহযোগিতা সুদৃঢ় কৰিবলৈ তুৰস্কৰ যুদ্ধ জাহাজ ‘টিচিজি বুয়ুকডা’ পাকিস্তানত আহি উপস্থিত হৈছে৷ এই ঘটনাত বৃহৎ ষড়যন্ত্র থকা বুলি ধাৰণা কৰিছে বিশেষজ্ঞ মহলে৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বেও তুৰস্ক চৰকাৰে পাকিস্তানলৈ সমৰাস্ত্র প্রেৰণ কৰা বুলি অভিযোগ উঠিছিল৷ অৱশ্যে সেই কথা অস্বীকাৰ কৰিছিল তুৰস্ক চৰকাৰে৷ এইবাৰ তুৰস্কৰ পৰা ৰণতৰী আহি কৰাচীৰ বন্দৰত উপস্থিত হোৱা বুলি পাক নৌসেনাৰ তৰফৰ পৰা দাবী কৰাৰ লগে লগে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ কাৰণ ভাৰতৰ সৈতে তুৰস্কৰ আছে মৈত্রী সম্পর্ক৷

You might also like