নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলগাঁৱত বিজেপিৰ প্ৰাৰ্থী ঘোষণা

দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত অৱশেষত দলগাঁও বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইবাৰ দলগাঁৱত গেৰুৱা দলটোৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব সুশ্ৰীকৃষ্ণা সাহা।

​বহু বছৰ ধৰি এই সমষ্টিটোত বিজেপিৰ প্ৰত্যক্ষ প্ৰাৰ্থিত্বক লৈ চলি থকা চৰ্চাৰ অন্ত পেলাই সুশ্ৰীকৃষ্ণা সাহাৰ নাম ঘোষণা হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক উচৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। এই ঘোষণাৰ লগে লগে ​বিজেপি কৰ্মীয়ে মাজত আনন্দ উল্লাস কৰা দেখা গৈছে।

এই ঘোষণাই সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে। দলগাঁৱৰ উন্নয়ন আৰু জনসাধাৰণৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগসমূহ দূৰ কৰাৰ লক্ষ্যৰেই এইবাৰ দলে শক্তিশালী প্ৰাৰ্থী আগবঢ়াইছে।

ডিজিটেল ডেস্ক, ২১ মাৰ্চ

You might also like