নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত কাইলৈ পঞ্চায়ত নিৰ্বাচন-ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

🔹 ধাৰাসাৰ বৰষুণকো নেওচি ধুবুৰীত ব্যাপক তৎপৰতা

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৬ মে’ : কাইলৈ ৭ মে’ত ধুবুৰীকে ধৰি ৰাজ্যৰ ১৩টা জিলাত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন-ৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। কাইলৈৰ ভোটগ্ৰহণক লৈ বৰ্তমানে ব্যাপক তৎপৰতা আৰম্ভ হৈছে ধুবুৰী চহৰৰ ভোলানাথ মহাবিদ্যালয়ত। ধাৰাসাৰ বৰষুণকো নেওচি আজি পুৱা ৬ বজাৰ পৰা মহাবিদ্যালয়খনত নিৰ্মিত অস্থায়ী ষ্ট্ৰং ৰূমৰ পৰা  বেলট পেপাৰকে ধৰি ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় অন্যান্য সামগ্ৰী সংগ্ৰহ কৰি কটকটীয়া নিৰাপত্তাৰ মাজেৰে নিজ নিজ ভোটকেন্দ্রলৈ লৈ যাবলৈ সাজু হৈছে ভোটগ্ৰহণকাৰী দল। উল্লেখ্য যে ধুবুৰী জিলাত পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১০,৫২,৪৫২গৰাকী। ইয়াৰে ৫,৪২,৬৩০গৰাকী পুৰুষ ভোটাৰ, মহিলা ভোটাৰ হ’ল ৫,০৯,৮০৭ আৰু তৃতীয় লিংগৰ ১৫গৰাকী। জিলাখনৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হ’ল  ১৪৬৫টা। উল্লেখ্য যে এইবেলিৰ পঞ্চায়ত নিৰ্বাচনত ধুবুৰী জিলা পৰিষদৰ মুঠ ২০টা সদস্য পদৰ আসনৰ সৰ্বমুঠ ৬৯গৰাকী প্ৰাৰ্থীৰ ৪গৰাকী নিৰ্দলীয়ৰূপে অৱতীৰ্ণ হৈছে। আনহাতে, ১০টা আঞ্চলিক পঞ্চায়তত প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱা মুঠ ৪১৭গৰাকী প্ৰাৰ্থীৰ ৭৫গৰাকীয়ে নিৰ্দলীয়। আনহাতে, জিলাখনৰ ১২৮টা গাঁও পঞ্চায়তত প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৩,৯৯৯গৰাকী।

You might also like