কাইলৈৰ পৰা ঢকুৱাখনা-ৰ ঐতিহ্যমণ্ডিত ফাটবিহু
চাৰিকড়ীয়াৰ নৈৰ পাৰৰ ম'হঘুলি চাপৰিত চলিছে মহা আয়োজন
নিয়মীয়া বাৰ্তা, ৮ মে’ : কাইলৈৰ পৰা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু । গছে-বনে-পাতে হালিছে জালিছে চাৰিকড়ীয়া নদীৰ পাৰ। ম’হঘূলি চাপৰিত ঢোল-পেঁপা বাজিছে,ততে নাইকিয়া গাত। ম’হঘুলি চাপৰিত চলিছে এতিয়া মহা আয়োজন।চাৰিকড়ীয়াৰ নৈৰ পাৰৰ এই ম’হঘুলি চাপৰিতে সাতামপুৰুষীয়া ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই কাইলৈৰ পৰা আৰম্ভ হ’ব ঢকুৱাখনাৰ স্বকীয় লোকউৎসৱ ফাটবিহু।
চাৰিকড়ীয়াৰ নৈৰ পাৰৰ ম’হঘুলি চাপৰিৰ সেউজ বাকৰিত চলিছে যুদ্ধকালীন প্ৰস্তুতি।ন-ৰূপত সজাই পৰাই তুলিছে ম’হঘুলি চাপৰিৰ ৩৭ বিঘা মাটিৰে পৰিবেষ্টিত ফাটবিহু বাকৰিক।পৰম্পৰাৰ সকলো উজ্বল্য সামৰি তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ২০২৫ বৰ্ষৰ ফাটবিহুত তিনি লক্ষাধিক বিহুপ্ৰেমীক আদৰিবলৈ যাৱতীয়া সকলো ব্যৱস্থা সাজু কৰি তুলিছে উদযাপন সমিতিয়ে।ম’হঘুলি চাপৰিত দিনে-নিশাই চলিছে যুদ্ধকালীন তৎপৰতা।
অসমৰ সাংস্কৃতিক জগতত একক আৰু অনন্য স্থান দখল কৰা ফাটবিহুৰ ঐতিহ্য আৰু গৰিমা নিখুঁত ৰূপত উপস্থাপনৰ বাবে সকলো চেষ্টাই অব্যাহত ৰাখিছে সমিতিৰ সকলো বিষয়-ববীয়াই।যাৰ বাবে ১১খনকৈ উপ সমিতিয়ে দিনে- নিশাই উজান দিছে নিজ নিজ কৰ্মত।এজাক যুৱতীৰ খিলখিল হাঁহিত মুখৰিত হৈ পৰিছে ফাটবিহুৰ বাকৰি।
ম’হঘুলি চাপৰিত এতিয়া বিহু ঢোল বাজিছে ,কঁকাল ঘূৰাই নাচিছে নাচনীয়ে।ফাটবিহুৰ পূৰ্বেই ঢোল পেঁপাৰ মাতত কঁপি উঠিছে ম’হঘুলি চাপৰি।আলহী অতিথিক আপ্যায়নৰ বাবে সাজু কৰা হৈছে পিঠা- পনা, জা-জলপান।ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহুত এইবাৰ অংশগ্ৰহণ কৰিব দুই শতাধিক বিহুদলে।
অসমৰ বিহু সংস্কৃতিৰ এক স্বকীয়তা ৰক্ষা কৰি অতীজৰে পৰা চলি অহা ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু হ’ল বিভিন্ন জাতি- জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ৰো এক লোক উৎসৱ।ফাটবিহুত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বিভিন্ন শৈলীৰ বিহু প্ৰতিযোগিতা আয়োজনৰ লগতে এইবাৰো ফাটবিহু সমিতিয়ে ফাটবিহুৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত এখন জাতীয় সাজ-পাৰৰ বিপণীৰ ব্যৱস্থা কৰিছে।
ফাটবিহুত অংশগ্ৰহণৰ বাবে সাজু হৈছে ঢকুৱাখানাৰ বিভিন্ন গাঁৱৰ ডেকা-গাভৰু, পুৰুষ-মহিলাৰ লগতে চেমনীয়াসকল।কাৰ্যসূচী অনুসৰি কাইলৈ অৰ্থাৎ ৯ মে’ৰ পুৱা পতাকা উত্তোলনেৰে ফাটবিহু ২০২৫ বৰ্ষৰ তিনিদিনীয়া বর্ণিল কাৰ্য্যসূচীৰ পাতনি মেলিব ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই।ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱাই।পুৱা ১১বজাত মঞ্চ মুকলি কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভোলানাথ গগৈয়ে।
দুপৰীয়াৰ পৰা অনুষ্ঠিত হ’বলগা মহিলাসকলৰ টকা বিহু প্রতিযোগিতা উদ্বোধন কৰিব জালভাৰী মধ্য ইংৰাজী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী দিব্য ফুকনে।বিয়লিলৈ চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্যসূচীত জাতীয় সাজ পৰিধানেৰে উপস্থিত থাকি ফাটবিহুৰ ৰূপ ৰং উপভোগ কৰাৰ সানুনয় আহ্বান জনাইছে আয়োজক সমিতিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা