নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-ভীতিত ত্ৰস্ত হৈ পাকিস্তানৰ যুদ্ধবিৰতি-ত সন্মতি, মধ্যস্থতাকাৰী ট্ৰাম্প

নিউজ ডেস্ক, ১০ মে’ : ভাৰত-ভীতিত ত্ৰস্ত হৈ পাকিস্তানৰ যুদ্ধবিৰতি-ত সন্মতি, মধ্যস্থতাকাৰী ট্ৰাম্প। অপাৰেচন সিন্দূৰৰ অধীনত ভাৰতীয় সেনাই গ্ৰহণ কৰা পদক্ষেপত ভয় খাই পাকিস্তানে ভাৰতৰ সৈতে শান্তি আৰু মিলনৰ বাবে বিশ্বৰ দেশসমূহক আবেদন জনাইছিল। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলৰ এটা পোষ্টৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ দাবী কৰে।

ট্ৰাম্পৰ এই বক্তব্য ভাৰত চৰকাৰৰ শীৰ্ষ সূত্ৰই নিশ্চিত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, “আমেৰিকাৰ মধ্যস্থতাত দীৰ্ঘ নিশাৰ আলোচনাৰ অন্তত মই ঘোষণা কৰি আনন্দিত হৈছো যে ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে। দুয়োখন দেশকে অভিনন্দন। এই বিষয়ত মনোযোগ দিয়াৰ বাবে ধন্যবাদ।”

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰে এক্সত পোষ্ট কৰিছে যে পাকিস্তান আৰু ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱা যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে। অৱশ্যে ভাৰতক আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টাৰ বাবে তেওঁ ক্ষমা বিচৰা নাছিল। তেওঁ আৰু দাবী কৰে যে পাকিস্তানে সদায় নিজৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ লগত আপোচ নকৰাকৈ অঞ্চলটোত শান্তি আৰু নিৰাপত্তাৰ বাবে চেষ্টা কৰি আহিছে।

You might also like