নিয়মীয়া বাৰ্তা, বিজনী, ১৩মে’ : চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ১নং মাজৰাবাৰীত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। মঙলবাৰে পুৱতি নিশা চতুৰ্থ পত্নীক হত্যা কৰে স্বামী আৰু তৃতীয় পত্নীয়ে। চতুৰ্থ পত্নীক হত্যা কৰে তৃতীয় পত্নী ৰুমিনা খাতুন আৰু স্বামী গুলবাৰ হুছেইনে । হত্যাকাণ্ড সংঘটিত কৰি তৃতীয় পত্নী আৰু স্বামীয়ে বিজনী থানাত আত্মসমৰ্পণ কৰে । জানিব পৰা মতে, গুলবাৰ হুছেইনে চাৰি বাৰ বিয়া পাতিছিল । প্ৰথম দুগৰাকী ঘৈণীয়েকে গুলবাৰক এৰি যায়। বৰ্তমান তৃতীয় আৰু চতুৰ্থ ঘৈণীয়েকক লৈ সংসাৰ কৰি আছিলে গুলবাৰ হুছেইনে। মৃত চতুৰ্থ পত্নীৰ নাম মৰমী খাতুন বুলি জানিব পৰা গৈছে। যৌতুকজনিত কাৰণতে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি মৃত মৰমী খাতুনৰ পিতৃয়ে জানিবলৈ দিয়ে । বিজনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱলৈ প্ৰেৰণ কৰে। মৰমী খাতুনৰ পিতৃয়ে হত্যাকাৰীৰ উচিত শাস্তিৰ দাবী জনায় ।
Prev Post
Next Post
You might also like