১০ হাজাৰ ৰান সংগ্রহৰ আশা পূৰণ নহ’ল কোহলি-ৰ
🔹 চলিত বর্ষৰ বর্ডাৰ–গাভাস্কাৰ ট্ৰফীয়েই আছিল কোহলিৰ অন্তিম টেষ্ট শৃংখলা
নিউজ ডেস্ক, ১৩ মে’ : ভাৰতৰ অন্যতম শ্রেষ্ঠ বেটাৰ বিৰাট কোহলি -য়ে সোমবাৰে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে৷ ৰোহিত শর্মাৰ অৱসৰৰ ৫ দিনৰ পাছত এই সিদ্ধান্ত ৰাজহুৱা কৰে কোহলিয়ে৷ ইয়াৰ লগে লগে ভাৰতীয় টেষ্টত বিৰাট যুগৰ অন্ত পৰে আৰু টেষ্ট কেৰিয়াৰত ১০ হাজাৰ ৰান কৰাৰ আশা পূৰণ নহ’ল কোহলিৰ ৷ ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটোৱা কোহলিয়ে তিনি বছৰৰ পিছত অধিনায়কৰ দায়িত্ব বহন কৰে৷ কোহলিয়ে ১২৩খন টেষ্টত ভাৰতক প্রতিনিধিত্ব কৰি ৩০টা শতক আৰু ৩১টা অর্ধশতককে ধৰি মুঠ ৯,২৩০ ৰান সংগ্রহ কৰে৷ ভাৰতৰ সফল টেষ্ট অধিনায়ক হিচাপে পৰিগণিত কোহলিয়ে ৬৮খন টেষ্ট মেচৰ ৪০খনত জয়লাভ কৰিছে৷ ২০১৮–১৯ চনত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট শৃংখলাৰ জয়ৰ সময়ত ভাৰতক নেতৃত্ব দিছিল কোহলিয়ে৷ ২০২১–২২ চনত ইংলেণ্ডত অনুষ্ঠিত টেষ্ট শৃংখলা অমীমাংসিতভাৱে সামৰণি পৰিছিল৷ কোহলিৰ অধিনায়কত্বত ঘৰুৱা খেলপথাৰত অজেয় হৈয়েই থাকিল ভাৰতীয় দলটো৷ চলিত বর্ষৰ আৰম্ভণিতে অষ্ট্রেলিয়াৰ ছিডনীত অনুষ্ঠিত বর্ডাৰ–গাভাস্কাৰ ট্ৰফী আছিল কোহলিৰ কেৰিয়াৰৰ অন্তিমটো টেষ্ট শৃংখলা৷ ১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত শচীন তেণ্ডুলকাৰ, ৰাহুল দ্রাবিড় আৰু সুনীল গাভাস্কাৰৰ পিছত ভাৰতৰ হৈ চতুর্থ সর্বাধিক ৰান সংগ্রহকাৰীত পৰিণত হৈছে কোহলি৷ অৱশ্যে টেষ্টত ১০,০০০ ৰান সংগ্ৰহৰ আশা আধৰুৱা হৈ ৰ’ল ক্রিকেটাৰগৰাকীৰ ৷ টেষ্ট ক্রিকেটত ১০ হাজাৰ ৰান সম্পূর্ণ কৰিবলৈ কোহলিক প্রয়োজন আছিল মাত্র ৭৭০ ৰানৰ৷ কোহলিয়ে কৈছিল যে তেওঁৰ প্রিয় ফর্মেট টেষ্ট ক্রিকেটত ১০ হাজাৰ ৰান সম্পূর্ণ কৰাটোৱেই তেওঁৰ আটাহতকৈ ডাঙৰ সপোন৷ ১২৩খন টেষ্ট মেচ খেলা কোহলিৰ নামত থাকিব মাত্র ৯,২৩০ ৰান৷ টেষ্টত কেৱল শচীন তেণ্ডুলকাৰ (১৫,৯২১ ৰান), ৰাহুল দ্রাবিড় (১৩,২৬৫) আৰু সুনীল গাভাস্কাৰেহে (১০,১২২) ১০ হাজাৰ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷