নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিক প্রদূষণৰ জৈৱ প্রযুক্তিগত সমাধান

জার্নেল কাৰেণ্ট বায়’লজীৰ প্রতিবেদন

পৃথিৱীৰ স্থল আৰু জলভাগত প্লাষ্টিক প্রদূষণৰ ভয়াৱহতা দিনে দিনে বৃদ্ধি পাই আছে৷ বর্জিত প্লাষ্টিক পদার্থই স্থল–জলক প্রদূষিত কৰি জৈৱ–বৈচিত্র্যত প্রচণ্ড আঘাত হানিছে৷ মানৱ জাতিলৈ প্রত্যাহ্বান কঢ়িয়াই আনিছে৷ প্লাষ্টিক প্রদূষণ কিদৰে ৰোধ কৰিব পাৰি তাকে লৈ বিজ্ঞানীসকলে গৱেষণা চলাই আছে৷ সমান্তৰালকৈ প্রকৃতিত মিহলি নোহোৱা এবাৰ ব্যৱহূত প্লাষ্টিকৰ ব্যৱহাৰ হ্রাস কৰাৰ নীতি গ্রহণ কৰিছে৷ শেহতীয়াভাৱে জার্নেল কাৰেণ্ট বায়’লজীত প্রকাশিত গৱেষণামূলক প্রতিবেদনৰ মতে, পৰিৱেশমূলক প্লাষ্টিক প্রদূষণৰ বিৰুদ্ধে প্রাকৃতিক সমাধানৰ উৎস লাভ কৰিছে৷ এই প্রাকৃতিক সমাধানৰ উৎসৰ আর্হিতে বিজ্ঞানীসকলে জৈৱ প্রযুক্তি সমাধানৰ পথ উলিয়াব পাৰিব৷ পৃথিৱীৰ অন্যতম ভয়াৱহ পৰিৱেশমূলক সমস্যাৰ প্লাষ্টিক প্রদূষণৰ বিৰুদ্ধে যুঁজত কেটাৰপিলাৰ (পলু)–এ গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে৷ পলুৱে বর্জিত প্লাষ্টিক ভক্ষণ কৰি পৃথিৱীৰ সমস্যাটিৰ সমাধান কৰিব পাৰে৷ উল্লেখ্য যে সাধাৰণতে ব্যৱহূত প্লাষ্টিক বিশেষকৈ পলিইথিলিনৰ সামগ্রী প্রকৃতিৰ বুকুত জাহ যোৱাত জটিলতা আছে৷ অর্থাৎ পলিইথিলিন প্রকৃতিৰ বুকুত সমস্যাৰ ৰূপত বর্তি থাকে৷ এনে বর্জিত প্লাষ্টিকক পলুৱে ভক্ষণ কৰে৷ গৱেষকে লাভ কৰা তথ্য মতে প্লাষ্টিক বেগত গেলেৰীয়া মেল’নেলা লার্ভা থাকে৷ গৱেষণাগাৰত পলিইথিলিনৰ ফিল্মত পলু এৰি দিছিল আৰু প্লাষ্টিকৰ ওপৰত কেনে প্রভাৱ পৰে তাক নিৰীক্ষণ কৰিছিল৷ এই নিৰীক্ষণত ১০০ পলুৱে ১২ ঘণ্টাৰ ভিতৰত ৯২ মিনিগ্রাম প্লাষ্টিককণা ভক্ষণৰ তথ্য লাভ কৰিছিল৷ এই পলুক প্লাষ্টিভ’ৰ বুলিও কোৱা হয়৷ প্লাষ্টিককণা হজম কৰি শক্তিলৈ ৰূপান্তৰিত কৰে৷ তদুপৰি প্লাষ্টিকক ভাঙি–ছিঙি চূর্ণ–বিচূর্ণ কৰাৰ সক্ষমতা আছে পলুৰ৷ গুৰুত্বপূর্ণ যে পলুৱে ভক্ষণ কৰা প্লাষ্টিককণাৰ পৰিমাণ বেছি নহয় যদিও পলুৰ ভক্ষণৰ জৰিয়তে প্লাষ্টিক বিনাশৰ প্রক্রিয়াক বিশ্লেষণ কৰিব পৰা যাব আৰু ইয়াক জৈৱ প্রযুক্তিগত সমাধানৰ পথ হিচাপে বিকশিত কৰিব পৰা যাব৷ বর্জিত পলিইথিলিন ব্যৱস্থাপনাৰ কাৰণে পলুক আধাৰ কৰি জৈৱ প্রযুক্তিগত সমাধানৰ বাবে বিজ্ঞানীসকলে নতুন উদ্ভাৱনৰ সম্ভাৱনাক লৈ আশাবাদী৷ ইতিমধ্যে বিজ্ঞানীসকলে এই প্রক্রিয়া আৰম্ভ কৰিছে৷ মন কৰিবলগীয়া যে বর্জিত প্লাষ্টিকৰ সমস্যা সমাধানৰ ক্ষেত্রত কেঁচুৱেই ভূমিকা গ্রহণ কৰি থকাটো গৱেষকে ইতিমধ্যে প্রমাণিত কৰিছে৷ প্রকৃতিগত সমাধানৰ লগতে বিজ্ঞানীয়ে জৈৱ প্রযুক্তিগত সমাধানৰ সফলতা নিশ্চয়কৈ মানৱ জাতিৰ বাবে সুবিধা হ’ব৷

You might also like