নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা পুনৰ আৰম্ভ আধৰুৱা আইপিএল

🔹 আৰচিবিৰ বিপক্ষে মৰণপণ যুঁজ কলকাতাৰ : বৰষুণৰ সম্ভাৱনা

নিউজ ডেস্ক, ১৭ মে’ : আজিৰে পৰা পুনৰ আৰম্ভ হ’ব আধৰুৱা আইপিএল । ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ পৰিপ্রেক্ষিতত এসপ্তাহলৈ স্থগিত ৰখা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আইপিএলৰ পৰৱর্তী মেচসমূহ আজিৰ পৰা পুনৰ আৰম্ভ হ’ব৷ আজিৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডার্ছে৷ আজিৰ মেচখন ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছৰ বাবে মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে৷

প্রতিযোগিতাখনৰ প্লে–অফত প্রৱেশৰ আশা সজীৱ কৰি তুলিবলৈ হ’লে কলকাতাই আজিৰ মেচখনত জয়লাভ কৰিবই লাগিব৷ মেচখনত পৰাজয় মানে প্রতিযোগিতাখনৰ প্লে-অফত প্রৱেশৰ পথ বন্ধ হ’ব৷ ইফালে, আজি কলকাতা নাইট ৰাইডার্ছক পৰাস্ত কৰিব পাৰিলে প্রথমটো দল হিচাপে প্রতিযোগিতাখনৰ প্লে-অফত স্থান নিশ্চিত হ’ব আৰচিবিৰ৷ দলটোৱে এতিয়ালৈকে ১১খন মেচ খেলি ৮খনত জয় আৰু তিনিখনত পৰাস্ত হৈ ১৬ পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানটো অধিকাৰ কৰি আছে৷ বিপৰীতে নাইট ৰাইডার্ছে ১২খন মেচৰ পৰা ১১ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে৷ দলটোৱে ৫খন মেচত জয়লাভ কৰাৰ বিপৰীতে ৬খনত পৰাস্ত আৰু এখন মেচ পৰিত্যক্ত হয়৷

আজিৰ মেচখন দুয়োটা দলৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ আৰচিবিতকৈ নাইট ৰাইডার্ছৰ বাবে মেচখন মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে৷ আজিৰ এই গুৰুত্বপূর্ণ মেচখনত বৰষুণে বিধি–পথালি দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ বেংগালুৰুত হোৱা ধাৰাসাৰ বৰষুণত এম চিন্নাস্বামী ষ্টেডিয়াম পানীৰে ভৰি আছে৷ আজিও বেংগালুৰুত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে বতৰ বিজ্ঞানীয়ে৷ আজি সন্ধিয়া বেংগালুৰুত বৰষুণ হোৱাৰ অধিক সম্ভাৱনা আছে৷

বতৰ বিজ্ঞান বিভাগৰ পূর্বাভাস অনুসৰি সন্ধিয়া ৭ বজাত বৰষুণৰ সম্ভাৱনা ৩৪ শতাংশ৷ সময় যোৱাৰ লগে লগে বৰষুণৰ সম্ভাৱনা বাঢ়িব৷ নিশা ৯ বজাত বৰষুণৰ সম্ভাৱনা ৪০ শতাংশ আৰু নিশা ১০ বজাত ৫১ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ যদি আজিৰ মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হয় বা বাতিল হয়, তেতিয়াহ’লে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছৰ প্লে-অফত প্রৱেশৰ আশা নির্বাপণ হ’ব৷ খেলৰ সময় : নিশা ৭.৩০ বজা৷

You might also like