ডবকাত পথ দুৰ্ঘটনা, বাগৰিল মালবাহী ট্ৰাক
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মে’ : ডবকাৰ বুঢ়িগাৱত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পৰা বাগৰি পৰিল এখন মালবাহী ট্ৰাক।
দুৰ্ঘটনাত পতিত হোৱা মালবাহী ট্ৰাকখনৰ নম্বৰ NL07AA 5063। নিশা চালকৰ টোপনি অহাৰ বাবেই গাড়ীখন দুৰ্ঘটনা পতিত হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই। গাড়ীখনে মিঠাতেল লোড কৰি গুৱাহাটীৰ পৰা মণিপুৰৰ ইম্ফললৈ বুলি গৈ আছিল। ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।