নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মে’ : দীপৰ বিলৰ ৰেলক্ৰছিঙৰ সমীপৰ দেউচোতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সমীপৰ দুখন গাঁৱৰ গঞাৰ মাজত আতংকই বিৰাজ কৰিছে।
ৱেৰ হাউচৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জুইৰ লেনিহান শিখাই আবৰি ধৰিছে অঞ্চল। ৯খনকৈ বাহনে চেষ্টা কৰিছে জুই নিৰ্বাপনৰ বাবে। প্লাষ্টিক সামগ্ৰী মজুত ৰখা গুদাম আছিল। অগ্ণিকাণ্ডত কেইবালক্ষাধিক টকাৰ সামগ্ৰী ভষ্মীভুত হয়।