ভাৰত-পাকিস্তান সংঘাত ৰ পিছত প্ৰথমবাৰ জম্মুৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন ডিজিপিৰ
বি এছ এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ জোৱানসকলৰ সৈতে মত বিনিময়
ভাৰত-পাকিস্তান সংঘাত ৰ পিছত প্ৰথমবাৰ জম্মুৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন ডিজিপিৰ
নিউজ ডেস্ক, ১৭ মে’ : জম্মুৰ আৰক্ষী সঞ্চালক প্ৰধান নলিন প্ৰভাতে আজি জম্মু জিলাৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰি নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু তাত নিয়োজিত কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে।
ডিজিপিগৰাকীয়ে আৰ এছ পুৰা ছেক্টৰৰ পৰা ভ্ৰমণ আৰম্ভ কৰে, য’ত তেওঁৰ সৈতে ডি আই জি শিৱ কুমাৰ শৰ্মা, এছ এছ পি জোগিন্দৰ সিঙকে ধৰি আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
তেওঁ আৰ এছ পুৰা খণ্ডৰ অক্ট্ৰয় (সুচেটগড়), খাৰকোলাকে ধৰি বিভিন্ন সীমান্ত আউট পোষ্ট (বি অ’ পি)ৰ বি এছ এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিছিল।
পিছত সীমান্ত আৰক্ষী থানা কানাচক আৰু সীমান্ত আৰক্ষী চকী সন্দৱান পৰিদৰ্শন কৰে ডিজিপিয়ে। তাত তেওঁ বিষয়া আৰু জোৱানসকলৰ সৈতে মত বিনিময় কৰে, স্থলভাগত প্ৰস্তুতি আৰু সমন্বয়ৰ পৰ্যালোচনা কৰে।
ভ্ৰমণৰ সময়ত ডিজিপিয়ে শেহতীয়াকৈ ভাৰত-পাক সংঘাতৰ সময়ত জম্মু-কাশ্মীৰ আৰক্ষীৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰে। সীমান্তৰ গাঁৱৰ পৰা বাসিন্দাসকলক উলিয়াই অনাৰ ক্ষেত্ৰত বিষয়াসকলক প্ৰশংসা কৰে, যিয়ে বহু লোকৰ জীৱন ৰক্ষা কৰাত সহায় কৰে।