নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২০ মে’, জেঠ মাহৰ ৫ তাৰিখ
মঙলবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : মধ্যম

মেষ : বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টাত সুফল৷

বৃষ : উন্নত পৰিৱেশ অনুভৱ৷ বিদ্যাত চিন্তিত দেখা যায়৷ কর্মস্থানত শুভ৷ আর্থিক মধ্যম৷

মিথুন : কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব৷ শৰীৰ ভালে নাযাব পাৰে৷ যোগাযোগত আশানুৰূপ ফল পোৱাত কষ্ট৷

কর্কট : ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ বন্ধু–বান্ধৱৰ সংবাদত সুখ৷

সিংহ : পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব৷ শৰীৰ পূর্বৰ তুলনাত শুভ৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যত কিছু চিন্তা থাকিব৷

কন্যা : উৎকণ্ঠাৰ দিন হ’লেও আপুনি দৃঢ়তা ৰাখক৷ আনৰ ওপৰত নির্ভৰ কৰি বৰ সন্তুষ্ট নহ’ব৷ বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক৷ ব্যৱসায়ত মধ্যম৷ প্রেমত আনন্দ৷

তুলা : কর্মত তৎপৰতা থাকিব৷ কিন্তু শৰীৰো ভালেৰে নাযাব পাৰে৷ পঢ়া–শুনাত বেয়া নহ’ব৷ প্রেম–প্রীতিত উচিত কথাত বাধা৷ বিয়াৰ সংকেত৷

বৃশ্চিক : প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ কর্মক্ষেত্রত আকস্মিক কোনো বাধা সূচিত হ’ব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত সুফল আশা কৰিব পাৰে৷ প্রেমত আৱেগ৷

ধনু : জ্ঞাতি–কুটুম্বৰ বাবে কোনোৰ মনত সন্দেহ হ’ব পাৰে৷ বন্ধুৰ সহায়৷ প্রেম–প্রীতি চলোৱাসকলে বিবাহৰ কথা ভাবিব পাৰে৷ ঘৰুৱাত মধ্যম৷

মকৰ : আজি বহু ক্ষেত্রত মজলীয়া ফল আশা কৰিব পাৰে৷ বিদ্যাতো অনুৰূপ৷ আর্থিকত যোগাযোগ কৰিলে উপকৃত হ’ব পাৰে৷ বিদ্যাত মধ্যম। ব্যস্ততা থাকিব৷

কুম্ভ : শৰীৰ আৰু পৰিৱেশত খুব এটা ভাল প্রভাৱ নাই৷ দুশ্চিন্তা থাকিব৷ কিন্তু সামগ্রিক ফলত কষ্ট নাপাব ৷ দায়িত্বপূর্ণ কামত সক্রিয় সহযোগ হয়তো দিব নোৱাৰিব৷ বিদ্যাত উৎসাহ৷

মীন : আগবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ অৱশ্যে পিছবেলা তাৰ কিছু ওলোটা ফল দেখিব৷ অপ্রয়োজনীয় ক্ষেত্রত সাৱধানে থাকক৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷

You might also like