বিশেষ বার্তা, ২৩ মে’ : ক’লা টুপী–ক’লা মাস্ক পিন্ধি জে’লৰ পৰা ওলাল চুমি। প্রায় ২ হাজাৰ কোটিটকীয়া অবৈধ অনলাইন ট্ৰেডিং কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত চুমি বৰা ৮ মাহৰ কাৰাবাসৰ অন্তত কালি নিশা মুকলি আকাশলৈ ওলাই আহিল ৷ জামিন লাভ কৰাৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে বিয়লিৰে পৰা চুমিৰ আত্মীয়, শুভাকাংক্ষী তথা বহু লোকৰ লগতে সাংবাদিকেও ডিব্রুগড়ৰ কেন্দ্রীয় কাৰাগাৰৰ সন্মুখত ভিৰ কৰা পৰিলক্ষিত হয়৷
প্রায় ৭ বজাত চুমি এগৰাকী আত্মীয়সহ ক’লা ৰঙৰ টি ছার্ট আৰু ক’লা পেণ্ট, ক’লা টুপী, মুখত ক’লা মাস্ক লগাই কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই আহে৷ সাংবাদিকৰ কোনো প্রশ্ণৰ মুখামুখি নহৈ বিয়লিৰে পৰা অপেক্ষাত থকা এখন ক’লা ৰঙৰ স্কৰপিঅ’ (এমএল-১০–৯৪১২) গাড়ীত উঠি চুমি তিনিচুকীয়াৰ দিশে ধাৱমান হয়৷ অনলাইন ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত হৈ বিলাসী জীৱনৰ পৰা কাৰাগাৰৰ অন্ধ কুঠৰীলৈ যোৱা বিশাল ফুকন আৰু তার্কিক বৰাৰ পাছত এইবাৰ চুমিয়েও লাভ কৰিলে জামিন৷
প্রায় ২ হাজাৰ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰিৰ গোচৰত অভিযুক্ত হৈ বিগত ৮ মাহ ধৰি কাৰাগাৰত বন্দী হৈ থকা চুমিয়ে শেষৰটো গোচৰত পৰহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পাছতে কালি নিশা মুকলি আশাৰ তললৈ ওলাই আহে৷ ৰীলছ ৰাণী তথা ট্ৰেডিং কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত চুমিৰ বিৰুদ্ধে বৰবৰুৱা থানাত ৰুজু হৈ থকা ৮৫/২০২৪ নম্বৰ গোচৰটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে৷ ইতিপূর্বে বিশাল ফুকন, তার্কিক বৰা আৰু চুমিয়ে ডিব্রুগড সদৰ থানাৰ ৩৫২/২০২৪ আৰু ১৯৮/২০২৪ নম্বৰৰ গোচৰ দুটাত জামিন লাভ কৰিছিল৷
ইফালে, এই তিনিটা গোচৰত জামিন লাভ কৰি যোৱা ৩ মে’ত মুকলি আকাশৰ তললৈ ওলাই আহিছিল চুমিৰ পাতি লোৱা ভায়েক বিশাল ফুকন৷ উল্লেখ্য যে চুমিয়ে স্বামী তার্কিক বৰাৰ সৈতে অতি নাটকীয়ভাৱে যোৱা বছৰৰ ১২ ছেপ্টেম্বৰত আৰক্ষীক ধৰা দিছিল৷ সেইদিনাই দুয়োকে আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষীয়ে দীঘলীয়া সময়ৰ বাবে নিজৰ জিম্মাত লৈ তদন্ত কৰাৰ পাছত ২৬ ছেপ্টেম্বৰত কাৰাগাৰলৈ প্রেৰণ কৰিছিল৷ মন কৰিবলগীয়া যে ২০২৪ চনৰ ২ ছেপ্টেম্বৰৰ নিশা গান্ধী নগৰস্থিত এপার্টমেণ্টৰ ৫০৩ নম্বৰ কোঠাত অভিযান চলাই ডিব্রুগড় আৰক্ষীয়ে আটক কৰি বিশাল ফুকনক পৰৱর্তী সময়ত গ্রেপ্তাৰ কৰাৰ পাছত বিভিন্ন বিষয় পোহৰলৈ আহিছিল৷ এই সময়ছোৱাত আৰক্ষীয়ে এপার্টমেণ্টটোৰ পৰা আৰবীয় মুদ্রা, কেইবাটাও বেংকৰ একাউণ্ট, ৬টাকৈ আইফোনসহ বহু নথি–পত্রৰ লগতে সোণ–ৰূপ, হীৰা আদি উদ্ধাৰ কৰিছিল৷
এই বিয়াগোম কেলেংকাৰিত জড়িত থকাৰ অভিযোগত পৰৱর্তী সময়ত বিশাল ফুকনক পাতি লোৱা বায়েক চুমিৰ লগতে স্বামী তার্কিক বৰাসহ বহুকেইজনক গ্রেপ্তাৰ কৰিছিল৷ আনহাতে, জয়পুৰত বিশাল ফুকনে পাতি লোৱা বায়েকৰ ডেষ্টিনেচন ৱেডিঙৰ নামত কিদৰে পানীৰ দৰে টকা উৰুৱাইছিল সেই তথ্য আৰক্ষীৰ তদন্তত ফাদিল হৈছিল৷
পৰৱর্তী সময়ত সমগ্র গোচৰটোৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে এছ আই টি গঠন কৰে৷ কিন্তু কেলেংকাৰি অধিক জটিল হৈ পৰাত এছ আই টিয়ে চিবিআইক তদন্তৰ সকলো দায়িত্ব হস্তান্তৰ কৰিছিল৷ চিবিআয়ে চলোৱা এই তদন্তত চুমি–বিশাল আৰু তার্কিক বৰাই ব্যৱহাৰ কৰা ৯খনৰো অধিক বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল৷