নিজৰ উপগ্রহৰ ব্যৱস্থা পাকিস্তানক ব্যৱহাৰ কৰিবলৈ দিব চীনে
🔹 দুই প্রতিবেশী দেশৰ শীর্ষ সেনা বিষয়াৰ বৈঠক
নিউজ ডেস্ক, ২৪ মে’ : কৌশলগত বুজাবুজি অধিক বৃদ্ধি কৰিছে চীন আৰু পাকিস্তানে৷ যোৱা ১৬ মে’ত দুয়োখন দেশৰ শীর্ষ বিষয়াসকলৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয় যে চীনৰ যি নিজস্ব উপগ্রহৰ ব্যৱস্থা আছে, সেয়া নিজৰ নিৰাপত্তাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব পাক সেনাই ৷ ভাৰত–পাকিস্তানৰ সামৰিক সংঘাতৰ মাজতে দুয়োখন দেশৰ শীর্ষ সেনা বিষয়াৰ এই বৈঠক অতি তাৎপর্যপূর্ণ বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ লক্ষণীয়ভাৱে বিষয়টোক লৈ এতিয়াও বেইজিং প্রশাসনে কোনোধৰণৰ মন্তব্য প্রকাশ কৰা নাই৷ কিন্তু পাকিস্তানে চীনৰ সৈতে সামৰিক ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি পোৱা বুলি ঘোষণা কৰিছে৷ অপাৰেচন সিন্দূৰৰ পিছতে পাকিস্তান আৰু চীনৰ মাজত সম্পর্ক সুদৃঢ় কৰিবলৈ দুয়োখন দেশৰ শীর্ষ নেতৃত্বই সিদ্ধান্ত গ্রহণ কৰে৷ গতিকে কৌশলপূর্ণ সহযোগিতা বৃদ্ধি পোৱা বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷