🔹 তনু শ্বাহী -এ চান্দা সংস্কৃতিৰে জড়িতৰ মুখা খুলি দিছে
🔹 দুলীয়াজান কাণ্ডক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰণ
বিশেষ বাৰ্তা, ২৫ মে’ : ‘তনু শ্বাহীৰ কথা মই একেবাৰে সমর্থন কৰা নাই৷ কিন্তু ছোৱালীজনীয়ে যি কথা কৈছে, সেইটোৱে চান্দা দুষ্কৃতিৰ লগত জড়িত আমাৰ ল’ৰাবোৰৰ মুখাখন খুলি দিছে৷’- শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দুলীয়াজান কাণ্ড সম্পর্কত এইদৰে মন্তব্য কৰে৷
লগতে তেওঁ অসমীয়া জাতীয়তাবাদৰ সংজ্ঞা সন্দর্ভত কয় যে অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো আনে কৰি থকা ব্যৱসায়ৰ ওপৰত দখল দিয়া নহয়৷ সংজ্ঞাটো হ’ব লাগে অর্থনৈতিকভাৱে আমি নিজৰ কেপিটেল ফৰমেচনৰ বাবে প্রডাকচন ছিষ্টেমৰ লগত জড়িত হোৱা৷ অসমীয়া জাতীয়তাবাদক একেবাৰে সংকীর্ণ আৰু উগ্র অর্থাৎ বেলেগক মাৰপিট কৰা– এই পর্যায়লৈ কেতিয়াও লৈ যাব নালাগে৷ আমি প্রগতিশীল জাতীয়তাবাদক, সকলোকে সামৰি লোৱা আৰু অর্থনৈতিক জাতীয়তাবাদক বিশ্বাস কৰিব লাগিব৷ ৰাইজৰ দলে শংকৰজ্যোতি বৰুৱাক গ্রেপ্তাৰ আৰু হাতকেৰেয়া লগোৱা তথা শৃংখল চলিহাক গ্রেপ্তাৰ কৰা কার্যকো বিৰোধিতা কৰে৷ দুলীয়াজান কাণ্ডত অসমীয়া জাতীয়তাবাদৰ সংকীর্ণতা প্রকাশ পালে বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷
তেওঁ কয় যে চান্দা বিচাৰি যোৱা এদল লোকক গালি দিয়া কার্যক আমি অসমীয়া জাতিক দিয়া গালি বুলি কৈছোঁ৷ এই কথাটো ভাবি চাবলগীয়া৷ ইফালে, বিজেপি চৰকাৰৰ দিনত অসমীয়া মানুহৰ ওপৰত বহিৰাগত মানুহৰ গুণ্ডামি বাঢ়িছে বুলিও চৰকাৰক কটাক্ষ কৰে৷