ৰিপুণ বৰাৰ সংবাদ মেলে উদঙালে গৌৰৱপত্নীৰ পাক-লিংক, আক্ৰমণাত্মক মুখ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে ‘ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত নতুনকৈ আক্ৰমণ কৰে। কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ সংবাদ মেলৰ আঁত ধৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰে যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই তেওঁৰ দলৰ সাংসদ গৌৰৱ গগৈৰ ব্ৰিটিছ পত্নী পাকিস্তান চৰকাৰৰ পে-ৰোলত থকা বুলি নিশ্চিত কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত আতংকজনক প্ৰশ্ন উত্থাপন হৈছে।
প্ৰকৃততে মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে অসম আৰক্ষীয়ে কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ বক্তব্য ৰেকৰ্ড কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰিব।
নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কালি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শ্ৰীৰিপুণ বৰা ডাঙৰীয়াই এটা চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰে৷ তেওঁ স্বীকাৰ কৰে যে মাননীয় সাংসদ শ্ৰীগৌৰৱ গগৈ ডাঙৰীয়াৰ ব্ৰিটিছ পত্নী আচলতে পাকিস্তান চৰকাৰৰ পে-ৰোলত আছিল।
যদি এই বিষয়টি সঁচা হয়, তেন্তে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ ই অতি গুৰুতৰ আৰু চিন্তনীয় প্ৰশ্নৰ উত্থাপন কৰিছে। শত্ৰু ৰাষ্ট্ৰৰ সৈতে জড়িত কোনো ব্যক্তিৰ অবিৰত উপস্থিতি, তাকো সংসদ সদস্যৰ নিকটতম পাৰিবাৰিক মহলত— ইয়ে ভাৰতৰ সংস্থাসমূহৰ অখণ্ডতাৰ প্ৰতি এক গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে।
এই চাঞ্চল্যকৰ তথ্যৰ বিষয়ে আমি আগতে অৱগত নাছিলোঁ। এতিয়া এই ঘটনা পোহৰলৈ অহাৰ লগে লগে আমি এই বিষয়টোক গুৰুত্বসহকাৰে লৈছোঁ৷ কিয়নো ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহয়।
সংবাদ মেলত কালি ৰিপুণ বৰাই কয় যে “হয় পেছাত এজন ব্যক্তিয়ে এন জি অ’ৰ সৈতে কাম কৰিব পাৰে। গৌৰৱ গগৈৰ পত্নী আন্তঃৰাষ্ট্ৰীয় এন জি অ’ৰ কৰ্মচাৰী আৰু পেছাৰ স্বাৰ্থত তেওঁ এন জি অ’ৰ বাবে পাকিস্তানলৈ গৈছিল। পাকিস্তান চৰকাৰৰ পে-ৰোলত আছিল। তাৰ পৰাই প্ৰমাণ নহয় যে তেওঁ পাকিস্তানী এজেণ্ট আৰু চোৰাংচোৱা হৈছিল।”
ইয়াৰ পূৰ্বে অসম চৰকাৰে পাকিস্তানৰ সৈতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্নৰ সম্পৰ্কৰ অভিযোগ উত্থাপন কৰিবলৈ বিশেষ তদন্তকাৰী দল গঠন কৰিছিল। অসমৰ মুখ্যমন্ত্রীৰ মতে চলিত বৰ্ষৰ ২৬ ছেপ্টেম্বৰৰ ভিতৰত বিশেষ তদন্তকাৰী দলে প্রতিবেদন দাখিল কৰিব আৰু তাৰ পাছত অসম চৰকাৰে ৰাষ্ট্রীয় নিৰাপত্তা সম্পর্কীয় বিষয়টোৰ গুৰুত্বপূর্ণতালৈ চাই বিতং তদন্তৰ বাবে কেন্দ্রীয় চৰকাৰক প্রতিবেদন গতাই দিব নে নিদিয়ে সেই সিদ্ধান্ত ল’ব৷
ইফালে এছ আই টিয়ে বিষয়টোৰ তদন্ত কৰি থকাৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কংগ্রেছ দলৰ মাজত ধাৰাবাহিকভাৱে অভিযোগ আৰু প্রতিৰোধৰ অভিযোগ উত্থাপন হৈছে৷
ৰাজনৈতিক বিশ্লেষকসকলৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত এই বিষয়টো এটা ডাঙৰ ৰাজনৈতিক বিষয়ত পৰিণত হ’ব।