নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জালত অৰ্ধশতাধিক ছোৱালীৰ জীৱন ধ্বংস কৰা কুখ্যাত অপৰাধী ৰেজাউন

আৰক্ষীৰ জালত অৰ্ধশতাধিক ছোৱালীৰ জীৱন ধ্বংস কৰা কুখ্যাত অপৰাধী  ৰেজাউন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে ‘ : ছোৱালীৰ জীৱনলৈ হেতালি খেলা ৰেজাউন মণ্ডল অৱশেষত আৰক্ষীৰ জালত।

প্ৰথমে প্ৰেমৰ ছলনাৰে ছোৱালীৰ ভিডিঅ’ কৰি ব্লেকমেইলিং কৰা ভণ্ড প্ৰেমিক আৰক্ষীৰ জালত।

চাপৰ আৰক্ষী জালত অৰ্ধশতাধিক ছোৱালীৰ জীৱন ধ্বংস কৰা কুখ্যাত অপৰাধী ৰেজাউন।

মহিলা, যুৱতী আৰু নাবালিকা ছোৱালীক বিভিন্ন ছলনাৰে নিজৰ প্ৰেমৰ জালত পেলাই নগ্ন ছবি, ভিডিঅ’ ৰেকৰ্ড কৰি ব্লেকমেলিং কৰাৰ ভয়ংকৰ অভিযোগ এই পাষণ্ড ৰেজাউনৰ বিৰুদ্ধে।

ধুৰন্ধৰ লম্পট ৰেজাউনে ছোৱালীক পণ্য ৰূপে গণ্য কৰে। জানিব পৰা মতে চাপৰৰ ৰৌমাৰীৰ ৰেজাউন মণ্ডলে সামাজিক মাধ্যমযোগে দীৰ্ঘদিন ধৰি প্ৰেমৰ ছলনাৰে মহিলা, যুৱতী আৰু নাবালিকা ছোৱালীক নিজৰ প্ৰেমৰ জালত পেলাই নগ্ন ছবি আৰু ভিডিঅ’ ৰেকৰ্ড কৰে, তাৰ পিছত আৰম্ভ কৰে ব্লেকমেইলিং।

তেনে এক নাবালিকা ছোৱালীক ব্লেকমেইলিং কৰিবলৈ গৈ পৰিয়ালৰ হাতত ধৰা পৰে। পিছত ভুক্তভোগী পৰিয়ালটোৱে চাপৰ থানাত এজাহাৰ দিয়াত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহে। এজন দুজন নহয় প্ৰায় অৰ্ধশতাধিক মহিলা যুৱতী আৰু নাবালিকা ছোৱালীৰ নগ্ন ছবি ভিডিঅ’ উদ্ধাৰ হয় এইজন ধুৰন্ধৰ লম্পট ৰেজাউন মণ্ডলৰ পৰা।

প্ৰথমে ম’বাইল ফোনত আৱদ্ধ কৰে পিছলৈ এই ফটো ভিডিঅ’ লম্পটজনে এটা পেনড্ৰাইত সংৰক্ষণ কৰে। ইতিমধ্যে আৰক্ষীয়ে সকলো তথ্য জব্দ কৰি লম্পট ৰেজাউন মণ্ডলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে গোচৰ নং ৭৩/২০২৫ৰ অধীনত W/S 77 BNS, R/W- 66(e)/ 67(b) IT Act, R/W- 14/15, আৰু 8 of Pocso ধাৰা লগায়।

You might also like