ছিকিমৰ সেনা শিবিৰত ভূমিস্খলন, ৩জন নিহত, ৯জন জোৱান নিৰুদ্দেশ
নিউজ ডেস্ক, ২ জুন : উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কালি সন্ধিয়া ছিকিমৰ সেনা শিবিৰত হোৱা ভূমিস্খলনত একাংশ জোৱানসহ তিনিজন লোকৰ মৃত্যু হয়। এতিয়াও চিনাক্ত হোৱা নাই মৃতক। কোৱা হৈছে যে ৯জন জোৱানো সন্ধানহীন, যাৰ বাবে তালাচী অভিযান চলি আছে।
তথ্য অনুসৰি কালি সন্ধিয়া প্ৰায় ৭ বজাত উত্তৰ ছিকিমৰ চট্টনস্থিত সেনা শিবিৰত ভূমিস্খলন সংঘটিত হয়, যাৰ ফলত কাষৰীয়া অঞ্চলৰ ঘৰবোৰৰ বিস্তৰ ক্ষতি হয়। এই ভূমিস্খলনত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোকো সন্ধানহীন হৈ আছে। মৃতক চিনাক্ত আৰু নিৰুদ্দেশ হোৱা লোকক চিনাক্ত কৰাৰ বাবে অভিযান চলোৱা হৈছে।
ছিকিমত আবদ্ধ ১৫০০ পৰ্যটক
উত্তৰ ছিকিমত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে প্ৰায় ১৫০০ পৰ্যটক লোচেন আৰু লাচুং অঞ্চলত আবদ্ধ হৈ পৰিছে। মংগন জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, লাচেনত ১১৫জন আৰু লাচুঙত ১৩৫০জন পৰ্যটক আবদ্ধ হৈ আছে। ভূমিস্খলনৰ বাবে দুয়োফালৰ পৰা বন্ধ হৈ আছে পথ।
বিষয়াসকলে জনোৱা মতে, লাচুঙলৈ পথ সংযোগ পুনৰ স্থাপন কৰা হৈছে আৰু আজিৰে পৰা পৰ্যটকক উলিয়াই অনাৰ কাম আৰম্ভ হ’ব। বি আৰ অ’ৰ দলটোৱে ভূমিস্খলনৰ ফলত জমা হোৱা ধ্বংসাৱশেষ আঁতৰাই, ক্ষতিগ্ৰস্ত অংশ পুনৰ নিৰ্মাণ কৰাৰ লগতে ফিডাঙৰ ‘ঝুলন দলং’ৰ সমীপৰ ফাটবোৰ পূৰণ কৰি লাচুং-চুংথাং-শ্বিপগ্যাৰে-শ্বাংকলাং-ডিকচু পথৰ মাজেৰে আবদ্ধ পৰ্যটকসকলক উলিয়াই নিয়াৰ বাট সাজু কৰি তুলিছে।
উত্তৰ ছিকিমত যোৱা ৩০ মে’ত ডাৱৰ বিস্ফোৰণ
বি আৰ অ’ই জনোৱা মতে, ধাৰাবাহিকভাৱে ধাৰাসাৰ বৰষুণ হোৱাৰ পাছত ৩০ মে’ত হঠাৎ ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ ছিকিমত বহু ক্ষতিসাধন হৈছে৷ এই সময়ছোৱাত ১৩০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ লগতে লাচেন, লাচুং, গুৰুডংমাৰ, দ্য ভেলী অৱ ফ্লাৱাৰছ, জিৰ’ পইণ্টকে ধৰি ডাঙৰ ডাঙৰ পৰ্যটনস্থলীলৈ যোৱা পথসমূহত যথেষ্ট ক্ষতিসাধন হয়। দুৰ্যোগৰ বাবে বহু ঠাইত পথত ফাট মেলি, দলং ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ডিকু-চিংকলাং-শ্বিপগিয়াৰ ৰোড, চুংথাং-লেশ্বেন-জেমা ৰোড, চুংথাং-লাচুং ৰোডকে ধৰি গুৰুত্বপূৰ্ণ পথসমূহত বৃহৎ পৰিসৰত ভূমিস্খলন সংঘটিত হয়।