নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

লখিমপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জুন : যোৱা শনিবাৰে নীপকোসৃষ্ট ৰঙানদীৰ বলিয়া বানে ৰঙানদীৰ নামনি অংশৰ আমতলাত ছিঙি নিছিল মথাউৰি। মথাউৰি ছিঙি নিয়াৰ ফলত বহু পৰিয়াল গৃহবন্দী হৈ চৰম যন্ত্ৰণাৰ মাজেৰে সময় অতিবাহিত কৰি আছে। চকুৰ পচাৰতে পকী ঘৰৰ লগতে সকলো চূৰমাৰ কৰি নিছিল বানে।

এই প্ৰলয়ৰ পিছতে আজি লখিমপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বান পৰ্যবেক্ষণৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই বানত যিসকলৰ ক্ষতি হৈছে, আমি সকলোৰে ক্ষতিপূৰণৰ ব্যৱস্থা নিশ্চিতকৈ কৰিম৷ এই সময়ত খিলঞ্জীয়া থলুৱা মানুহৰ বেদনা আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ৷

তেওঁ লগতে কয়, জনসাধাৰণৰ বাবে আমি প্ৰতিটো ক্ষণতেই দায়বদ্ধ৷
প্ৰচণ্ড বৰষুণৰ বাবে লখিমপুৰৰ আমতলাত বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। আমাৰ প্ৰশাসনে জনসাধাৰণৰ সহায়-সহযোগিতা তথা নিৰাপত্তাৰ বাবে অহৰহ অক্লান্তভাৱে কাম কৰি গৈছে৷ বিপদাশংকা হ্ৰাস পালে তথা পৰিস্থিতি স্বাভাৱিক হ’লে তৎকালীনভাৱে আমি ক্ষতিগ্ৰস্ত সকলোৰে লোকচানৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিম৷

লগতে তেওঁ কয়, অসমৰ জনতাৰ প্ৰতিটো সুখ আৰু দুখৰ সময়ত আমাৰ চৰকাৰ সদায়ে লগত আছে আৰু আগলৈও থাকিব৷ কুশলে থাকক সকলো৷

ইফালে শেহতীয়া বান সন্দৰ্ভত বিদ্যুৎ বিভাগৰ কৰণীয় বা এনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেনে ধৰণৰ সক্ৰিয়তা আৰু আগতীয়া সতৰ্কতা অৱলম্বন কৰিব লাগে– এই বিষয়ত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কিছু আলোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ লগতে বৰষুণৰ আগজাননী পোৱাৰ পাছত তাৎক্ষণিকভাৱে অধিক সতৰ্কতাৰে জিলা প্ৰশাসনৰ লগত সমন্বয়েৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

উল্লেখ্য যে আমতলাৰ প্ৰায় দহখন গাঁৱৰ ৰক্ষা কৱচস্বৰূপ যোৰখাট বনিয়া গাঁৱৰ পৰা পূব আমতলা নেপালী গাঁৱৰ মথাউৰিৰ প্ৰায় এশ মিটাৰ উটুৱাই নিছিল বানে।

ফলত অঞ্চলটোৰ আমতলা,মাজৰ চাপৰি, পকাদল, নগৰ গাঁও, মিলনপুৰ, পূব আমতলা, ভেকেৰী, শান্তিপুৰকে ধৰি দহখনতকৈ অধিক গাঁও সংহাৰী বানৰ কবলত পৰি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে।

You might also like