নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীপকো -ৰ ৰিজার্ভাৰে সৃষ্টি কৰে জলবোমা

🔹 নীপকো -ৰ ৰিজার্ভাৰে সৃষ্টি কৰে জলবোমা

🔹 ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ অধিক পানী এৰাৰ বিৰুদ্ধে তদন্ত ঘোষণা

বিশেষ বার্তা, ৩ জুন : দোপালপিটা বৰষুণক আওকাণ কৰি বোকা–পানী গছকি কালি লখিমপুৰৰ বন্যার্তৰ কাষত থিয় দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নীপকোসৃষ্ট বানে বিধ্বস্ত কৰা অঞ্চলসমূহ পৰিদর্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে তেওঁ দুর্দশাগ্রস্ত লোকৰ অৱস্থা অনুধাৱন কৰি বন্যার্তক পর্যাপ্ত সহায়ৰ আশ্বাস দিয়ে৷ উল্লেখ্য যে পুৱা প্রায় এঘাৰ বজাত মুখ্যমন্ত্রী ড০ শর্মাই বিশেষ বিমানেৰে আহি উপস্থিত হয় লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত৷ বিমানবন্দৰতে তেওঁ নীপকোৰ বিষয়াবর্গৰে আলোচনাত মিলিত হয়৷ নীপকোৱে ৰঙানদী প্রকল্পৰ পানী মোকলাই দিয়া আৰু তাৰ ফলত লখিমপুৰত বান পৰিস্থিতি সৃষ্টি হোৱা প্রসংগত বৈঠক অনুষ্ঠিত হয়৷

আলোচনাকালত মুখ্যমন্ত্রী ড০ শর্মাই নীপকোৰ বিষয়াবর্গক ক্ষতি নোহোৱাকৈ পানী এৰাৰ বিষয়ত কেতবোৰ নির্দেশনা দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পানী এৰি দিয়াৰ আগতে নীপকোৱে কেনে ধৰণৰ ব্যৱস্থা গ্রহণ কৰে, সেই সন্দর্ভত শীর্ষ বিষয়াসকলৰ পৰা বুজ লয়৷ তেওঁ প্রকল্পৰ পানী একেলগে এৰি নিদি পর্যায়ক্রমে লাহে লাহে এৰি দিয়াৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নীপকোৰ বিষয়াবর্গক নির্দেশ দিয়ে৷ ইয়াৰ বাবে প্রয়োজনীয় কাৰিকৰী দিশসমূহ আলোচনা কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ সময় থাকোঁতেই যাতে জনসাধাৰণক সাৱধান কৰিব পৰা যায়, তাৰ বাবে আগতীয়াকৈ জিলা প্রশাসনৰ লগত যোগাযোগ কৰিবলৈও তেওঁ নীপকোৰ বিষয়াসকলক নির্দেশ দিয়ে৷ ইয়াৰ পিছতে তেওঁ পথেৰে ৰাওনা হয় বানবিধ্বস্ত আমতলা অঞ্চললৈ৷ নির্দিষ্ট ঠাইলৈ বোকাৰ বাবে বাহন নোযোৱাত বোকা ফালি খোজকাঢ়ি যায় মুখ্যমন্ত্রীগৰাকী৷ লগত আছিল মন্ত্রী ডাঃ ৰণোজ পেগু, পীয়ূষ হাজৰিকা, কেশৱ মহন্ত, বিধায়ক মানৱ ডেকা, নৱ দলে, অমিয় ভূঞা আদি৷ সেই এলেকাৰ পৰিস্থিতি পৰিদর্শন কৰি তাৎক্ষণিক সকাহৰ বাবে এটা জানৰ পাৰ কাটি পানীৰ গতি সলনি কৰাৰ লগতে তাৎক্ষণিক আৰু দীর্ঘম্যাদীভাৱে ছিগা মথাউৰি নির্মাণৰ বাবে বিভাগক প্রয়োজনীয় নির্দেশনা দিয়ে৷ বোকা–পানী গছকি তেওঁ একাংশ বন্যার্তৰ সৈতেও আন্তৰিকতাৰে কথা পাতে৷ বন্যার্তৰ দুর্দশাৰ বুজ লৈ তেওঁ সকলোকে পার্যমানে সহায় কৰাৰ আশ্বাস দিয়ে৷ একাংশ বন্যার্তই মুখ্যমন্ত্রী ড০ শর্মাৰ সন্মুখতে দুখৰ বর্ণনা দি হুকহুকাই কান্দি উঠে৷

লক্ষণীয় যে মুখ্যমন্ত্রীগৰাকীৰ লগত সততে দেখা পোৱা কটকটীয়া নিৰাপত্তা বেষ্টনী কালি যথেষ্ট শিথিল আছিল৷ সামান্য নিৰাপত্তা বেষ্টনীত তেওঁ বানাক্রান্তৰ মাজত ঘূৰি ফুৰি দুখ–দুর্দশাৰ বুজ লয়৷ আমতলাৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মা যায় পাঁচনৈ এলেকালৈ৷ ৰঙানদীৰ বানে ছিঙা পাঁচনৈ–দিজো সংযোগী পথৰ অংশ পৰিদর্শন কৰি তেওঁ ৰাইজৰ সৈতেও মত বিনিময় কৰে৷ প্রচণ্ড বৰষুণতো তিতি–বুৰি মুখ্যমন্ত্রী ড০ শর্মাই ৰাইজৰ মাজত ঘূৰি ফুৰি দুখৰ বতৰা লয়৷ একাংশ সংগঠনে তেওঁক নীপকোক সংযত কৰা, বান সাহায্য প্রদান কৰা আদি দাবীসম্বলিত স্মাৰক–পত্র প্রদান কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী যায় বৰবিললৈ৷ ৰঙানদীপৰীয়া বৰবিল এলেকাৰ মথাউৰিটোত ক্ষতিগ্রস্ত এলেকাটো পৰিদর্শন কৰি প্রতিৰোধমূলক ব্যৱস্থাৰ বাবে বিভাগীয় বিষয়াক তেওঁ প্রয়োজনীয় নির্দেশনা দিয়ে৷ বান পৰিস্থিতি পৰিদর্শনৰ মাজতে মুখ্যমন্ত্রী ড০ শর্মাই আমতলাত সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ কয়- ৰিজার্ভাৰত পানী বেছি হ’বলৈ দি নীপকোৱে একেলগে এৰি দিলে জলবোমা হৈ যায়৷ মই এই বিষয়টোত আৰু অলপ গুৰুত্বসহকাৰে কথা পাতিম৷ ২০১৭–১৮ চনতো এনেকুৱা হৈছিল৷ তেতিয়া মই নিজে আহিছিলোঁ৷ নীপকোলৈও গৈছিলোঁ৷ মাজত যোৱা কেইবছৰমান ভালেই আছিল৷ এইবাৰ পুনৰ তেনে পৰিৱেশ হ’ল৷ আমি আলোচনা কৰি তাৰ সমাধান উলিয়াবলৈ যত্ন কৰিম৷ নীপকোৰ বিৰুদ্ধে কঠোৰ স্থিতি প্রকাশ কৰি তথা সকীয়নি দি তেওঁ আৰু কয় যে বিমানবন্দৰত মই নীপকোৰ বিষয়াসকলৰ লগত কথা পাতিছোঁ৷ তেওঁলোকক মই অলপ বেয়াকৈ কৈছোঁ৷ গোটেই বিষয়টোত আমি এটা তদন্ত কৰিম৷ যদি নীপকোৰ দোষ আছে তেন্তে আমি নীপকোক জবাবদিহি কৰিম৷

বন্যার্তৰ প্রতি দায়বদ্ধতা প্রকাশ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– লখিমপুৰৰ এই দুর্যোগৰ কথা গম পোৱাৰ লগে লগে মন্ত্রী ডাঃ ৰণোজ পেগুক পঠিয়াইছিলোঁ৷ বিধায়ক মানৱ ডেকাও আহিছিল৷ আজি মন্ত্রী কেশৱ মহন্ত, পীয়ূষ হাজৰিকাসহ আমি সকলো আহিছোঁ৷ আহি গোটেই কথাখিনি অধ্যয়ন কৰিলোঁ৷ ইয়াত এটা জান আছে৷ অকণমান যদি জানটোলৈ পানীখিনি পঠিয়াই দিব পাৰোঁ তেন্তে মানুহখিনিয়ে হয়তো তাৎক্ষণিকভাৱে সকাহ পাব৷ মই এইটো কৰিবলৈ চেষ্টা কৰিম৷ কাইলৈ–পৰহিৰ পৰা মথাউৰিটো সংযোগ কৰাৰ কাম আৰম্ভ হ’ব৷ বানপানী হৈ যোৱাৰ পাছত অহা ছেপ্টেম্বৰ মাহৰ পৰা মথাউৰিটো স্থায়ীভাৱে নির্মাণৰ কাম হাতত ল’ম৷ বানত ক্ষতিগ্রস্ত ৰাইজৰ কিতাপ-পত্রৰ পৰা পশু-পক্ষী, ঘৰ আদিৰ ক্ষেত্রত যিমানখিনি পাৰোঁ আমি সহায় কৰিম৷ মুখ্যমন্ত্রী ড০ শর্মাই বন্যার্ত ৰাইজৰ প্রতি সহমর্মিতা প্রকাশ কৰি কয় যে ইয়াত যিমানখিনি মানুহৰ ক্ষতি হৈছে সকলো খিলঞ্জীয়া থলুৱা মানুহ৷ যিমানৰ ক্ষতি হৈছে আমি সকলোকে সহায় কৰিম৷ বান হোৱাৰ লগে লগে মই ইয়ালৈ আহিছোঁ৷ টিভিত দেখিয়েই মোৰ বেয়া লাগিছে৷ সেয়ে মই তিনি–চাৰিজন মন্ত্রীক লগত লৈ ইয়ালৈ আহিছোঁ৷ আনহাতে, ৰঙানদীত অবৈধ খননৰ প্রসংগ সাংবাদিকে উত্থাপন কৰাত তেওঁ এই দিশত চকু দিব বুলি মন্তব্য কৰে৷

উল্লেখ্য যে এইবাৰৰ বানত লখিমপুৰ জিলাৰ ৫টা ৰাজহ চক্রৰ ১২৯খন গাঁও প্লাৱিত হৈছে৷ ইয়াৰ ফলত ৪৬,৬৮৭গৰাকী লোক ক্ষতিগ্রস্ত হৈছে৷ আনহাতে, বানৰ ফলত ৪৫৪.৮২ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে৷ তদুপৰি ২২,৮৭১টা পশু বানৰ কবলত পৰিছে৷ প্রশাসনে তিনিটা শিবিৰ মুকলি কৰিছে আৰু ৪২৫গৰাকী লোকে ইয়াত আশ্রয় লৈছে৷ প্রশাসনে ৪৯টা সাহায্য বিতৰণ কেন্দ্র মুকলি কৰিছে৷ আনহাতে, উদ্ধাৰ অভিযানৰ বাবে প্রশাসনে এটা এনডিআৰএফ আৰু ৪টা এছডিআৰএফৰ দল নিয়োগ কৰিছে৷

You might also like