নিয়মীয়া বাৰ্তা, ৪ জুন : দেশৰ ভিতৰত অগ্ৰণী গুণগত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIT-ত অধ্যয়নৰ বাবে স্থান লাভ কৰি অসম তথা সমগ্ৰ বালিপৰাৰ খনামুখ চিলনী অঞ্চললৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰ শুভম শৰ্মাই।
সদ্যঘোষিত JEE ADVANCED পৰীক্ষাত সুন্দৰ ফলাফলসহ উত্তীৰ্ণ হৈ দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান IIT-ৰ অধ্যয়নৰ সুযোগ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালবৰ্গ, অঞ্চলবাসী ৰাইজ, দল-সংগঠন তথা শুভাকাংক্ষীসকল।
শুভম শৰ্মা বালিপৰাৰ সমীপৱৰ্তী খনামুখ চিলনী গাঁৱৰ বাসিন্দা, সমাজকৰ্মী তুলসী শৰ্মা আৰু সৰৱৰাহী মহিলা কৃষ্ণা দেৱী শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ। সৰুৰেপৰাই মেধাৱী শুভমে গোৱালপাৰাৰ সৈনিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪.৪ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগ আৰু বিশ্বনাথ চাৰিআলিৰ জ্ঞান ভাৰতী বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০.৪ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।
IIT-ত অধ্যয়ন কৰি ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ লক্ষ্য পুহি ৰখা শুভমে আজৰি সময়ত ক্ৰিকেট, ফুটবল আদি খেল খেলি ভাল পায়। ছাত্ৰজনে এনে সফলতাৰ লাভ কৰাৰ লগে লগে ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ চিলনী শাখা, নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকল, সমন্বয় সাহিত্য গোষ্ঠী অসম, ব্যক্তিবিশেষ, পৰিয়ালবৰ্গৰ লোকে ইতিমধ্যে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰি ছাত্ৰজনৰ উজ্বল ভৱিষ্যত কামনা কৰিছে।
উল্লেখ্যে যে খনামুখ অঞ্চলৰপৰা IITত অধ্যয়নৰ বাবে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ যোগেদি যোগ্য বুলি বিবেচিত হোৱা শিক্ষাৰ্থীৰ ভিতৰত শুভম প্ৰথম।
প্ৰেৰক প্ৰাঞ্জল বৰা