নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক সীমান্ত-ত গুজৰাট চৰকাৰে গঢ়ি তুলিব ‘সিন্দূৰ বন’ উদ্যান

অপাৰেচন সিন্দূৰত সেনাই দেখুওৱা বীৰত্বক প্রতিফলিত কৰাৰ চেষ্টা

পাক সীমান্ত-ত গুজৰাট চৰকাৰে গঢ়ি তুলিব ‘সিন্দূৰ বন’ উদ্যান

নিউজ ডেস্ক, ৪ জুন : কাশ্মীৰৰ পেহেলগামত সংঘটিত নৰমেধৰ পাছত পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰিবলৈ ভাৰতে সামৰিক অভিযান চলাইছিল৷ এই অভিযানৰ নাম দিয়া হৈছিল ‘অপাৰেচন সিন্দূৰ’৷ এইবাৰ সেই অভিযানত ভাৰতীয় সেনাৰ বীৰত্বক তুলি ধৰিবলৈ এক স্মৃতি উদ্যান গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে গুজৰাট চৰকাৰে৷

‘দ্য ইণ্ডিয়ান এক্সপ্রেছ’ৰ প্রতিবেদন অনুসৰি গুজৰাটৰ পাক সীমান্তৰ সমীপৰ কচ্ছ জিলাত গঢ়ি তোলা হ’ব এই উদ্যান৷ দেশৰ সেনাৰ বীৰত্বক প্রতিফলিত কৰিবলগীয়া এই উদ্যানৰ নাম হ’ব ‘সিন্দূৰ বন’৷ প্রতিবেদন অনুসৰি ভুজ–মাণ্ডবী ৰোডৰ কাষৰ মির্জাপুৰত ৮ হেক্টৰ ভূমিত নির্মাণ কৰা হ’ব এই স্মৃতি উদ্যান৷ এই প্রসংগত কচ্ছ জিলাৰ দণ্ডাধীশ আনন্দ পেটেলক উদ্ধৃত কৰি ইণ্ডিয়ান এক্সপ্রেছে সদৰী কৰিছে যে অপাৰেচন সিন্দূৰৰ সময়ত সমাজ, তিনি সশস্ত্র বাহিনী, বিএছএফ– সকলো ক্ষেত্রত যি একতা দেখিবলৈ পোৱা গৈছিল, তাক এই উদ্যানৰ জৰিয়তে প্রতিফলিত কৰা হ’ব৷

প্রশাসনিক সূত্রই সদৰী কৰা অনুসৰি পেহেলগামত নিহত ২৬গৰাকী নিৰীহৰ স্মৃতিৰ উদ্দেশ্যে এক বিশাল স্মৃতিস্তম্ভ নির্মাণ কৰা হ’ব এই উদ্যানত৷ প্রাথমিকভাৱে জানিব পৰা গৈছে যে ‘সিন্দূৰ বন’ৰ কাম সম্পূর্ণ হৈ উঠিবলৈ ডেৰ বছৰ সময় লাগিব৷ ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে৷ এই উদ্যানত থাকিব ৩৫ প্রজাতিৰ বিভিন্ন গছ৷

You might also like