নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত সাজুনে ?

ভাৰতত আগন্তুক সময়ত ক’ৰোনা ভাইৰাছে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি বিশেষজ্ঞসকলে আশংকা প্রকাশ কৰাৰ সময়তে কেতবোৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ সম্ভাব্য পৰিস্থিতিৰ বাবে ভাৰত প্রকৃততে কিমান সাজু, তাক লৈ সন্দেহৰ সৃষ্টি কৰিছে এই তথ্যসমূহে৷ ভাৰতৰ দৰে বিশাল জনসংখ্যাৰ এখন দেশত এইপর্যন্ত মাত্র ১৫ হাজাৰ লোকৰ পৰীক্ষাহে কৰা হৈছে৷ অথচ বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত যিমান পাৰি সিমান লোকৰ তেজ পৰীক্ষা কৰাটো জৰুৰী বুলি দেশসমূহক এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামর্শ দিছে৷ দক্ষিণ কোৰিয়াৰ দৰে দেশে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামর্শ মতে, ইতিমধ্যে আঢ়ৈ লাখৰো অধিক ব্যক্তিৰ পৰীক্ষা সম্পন্ন কৰিছে৷ কিন্তু ভাৰতে একমাত্র আন্তঃগাঁথনিৰ অভাৱৰ বাবেই এনে ব্যৱস্থা ল’ব পৰা নাই৷ ভাৰতত মাত্র সেইসকল লোকৰহে লেবৰেটৰী টেষ্ট কৰা হৈছে, যিসকল বিদেশৰ পৰা আহিছে নতুবা বিদেশৰ পৰা অহা ব্যক্তিৰ সৈতে সংস্পর্শলৈ আহিছে৷ ইয়াৰ লগতে পৰীক্ষা কৰা হৈছে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা ব্যক্তিৰ পৰিয়াল আৰু তেওঁলোকৰ সংস্পর্শলৈ অহা ব্যক্তিসকলৰ৷ স্বাস্থ্য বিভাগৰ মতে, এইপর্যন্ত ভাৰতত ক’ৰোনা ভাইৰাছৰ ব্যাপক গণ সংক্রমণ আৰম্ভ হোৱা নাই৷ সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই যি পৰামর্শ দিছে, সেয়া ভাৰতৰ ক্ষেত্রত আগতীয়া হ’ব৷ তদুপৰি চৰকাৰে এনে পদক্ষেপ গ্রহণ কৰিলে দেশত এই মহামাৰীক লৈ আতংক সৃষ্টি হ’ব৷ কিন্তু প্রকৃত সত্য হ’ল ভাৰতৰ দৰে বিশাল জনসংখ্যাৰ এখন দেশত পৰীক্ষাৰ বাবে যিমান গৱেষণাগাৰ থাকিব লাগিছিল, সিমান গৱেষণাগাৰ নাই৷ পৰীক্ষাৰ বাবে প্রয়োজনীয় সঁজুলি আৰু সামগ্রী পর্যাপ্ত পৰিমাণত জমা নাই৷ স্বাস্থ্য বিভাগৰ একাংশ বিষয়াই অকপটে স্বীকাৰ কৰিছে যে এতিয়াও যিহেতু ভাৰতত ব্যাপক হাৰত ক’ভিড–১৯ৰ সংক্রমণ ঘটা নাই, গতিকে ভাৰতে অবাবত সন্দেহজনক ৰোগীৰ তেজ পৰীক্ষা কৰি অপচয় ঘটাব নোৱাৰে৷ দক্ষিণ কোৰিয়াই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামর্শ মতে ব্যাপক হাৰত পৰীক্ষা কৰিলেও ভাৰতৰ সেই সক্ষমতা নাই বুলি স্বাস্থ্য বিভাগৰ একাংশ বিষয়াই প্রকাশ কৰিছে ৷

এনে পৰিস্থিতিত স্বাভাৱিকতে প্রশ্ন হয়– ঘন জনবসতিৰ দেশ হিচাপে ভাৰত শেহতীয়া এই মাৰাত্মক ভাইৰাছে সৃষ্টি কৰা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ কিমান সাজু? এই কথা স্বীকাৰ নকৰি উপায় নাই যে বর্তমান সময়ত ব্যাপক হাৰত সংক্রমণ আৰম্ভ হ’লে ভাৰতৰ চিকিৎসালয়সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব৷ তেনে এক পৰিস্থিতিৰ বাবে ভাৰত এতিয়াও সাজু হ’ব পৰা নাই৷ এদিনৰ ভিতৰতে হাজাৰ হাজাৰ সন্দেহজনক ৰোগীৰ তেজ পৰীক্ষা কৰাটো জৰুৰী হৈ পৰিব এনেধৰণৰ জৰুৰীকালীন পৰিস্থিতিত৷ কিন্তু সংখ্যাত তাকৰ হোৱাৰ বাবেই ভাৰতীয় পৰীক্ষা কেন্দ্রসমূহত এনেধৰণৰ সা–সুবিধা এতিয়াও গঢ়ি উঠা নাই৷ আন্তঃগাঁথনিৰ উন্নয়নৰ দিশত চৰকাৰে জৰুৰী ব্যৱস্থা গ্রহণ নকৰিলে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত জয়ী হ’ব পৰা অৱস্থাত ভাৰত উপনীত হ’ব নোৱাৰে৷ প্রতিখন ৰাজ্যত পৰীক্ষা কেন্দ্রৰ সংখ্যা বৃদ্ধি কৰাটো অতি প্রয়োজনীয়৷ ইয়াৰ লগতে হাস্পতালসমূহত প্রয়োজনীয় হ’ব পর্যাপ্ত পৰিমাণৰ আছুতীয়া কোঠা আৰু চিকিৎসা সঁজুলিৰ ব্যৱস্থা কৰা৷ হাস্পতালসমূহত অত্যন্ত প্রয়োজন হ’ব বর্ধিত পৰিমাণত ভেণ্টিলেচনৰ ব্যৱস্থা কৰাটোও৷ আন্তঃগাঁথনিৰ দিশৰ পৰা সম্পূর্ণৰূপে সাজু হ’বলৈ এতিয়াও ভাৰতৰ হাতত যিখিনি সময় আছে তাৰ সদ্ব্যৱহাৰ কৰিবই লাগিব৷ কোনো এক জিলা সদৰত যদি ব্যাপক হাৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটে, তেন্তে কম সময়ৰ ভিতৰতে হাজাৰ হাজাৰ লোকৰ পৰীক্ষা কৰাব লাগিব৷ ইয়াৰ লগতে প্রয়োজন হ’ব ৰোগীক আছুতীয়াকৈ ৰাখিবলৈ শ শ বিছনাৰ৷ ইয়াৰ ফলত কেনে এক পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়া সহজেই অনুমেয় ৷

You might also like