নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইপেইত সোণ জিনিলে অসম সন্তান অম্লান বৰগোহাঁই -এ

🔹 টাইপেইত সোণ জিনিলে অসম সন্তান অম্লান বৰগোহাঁই -এ

🔹 ইণ্টাৰনেচনেল অ’পেন এথলেটিকছৰ প্রথম দিনাই ৬ স্বর্ণ ভাৰতৰ

নিউজ ডেস্ক, ৮ জুন : টাইপেইত স্বর্ণ জিনি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান অম্লান বৰগোহাঁয়ে৷ টাইপেই চিটীত চলি থকা টাইৱান এথলেটিকছ অ’পেনৰ প্রথম দিনাই ভাৰতীয় এথলীটে ৬টাকৈ স্বর্ণ পদক দখল কৰিবলৈ সক্ষম হয়৷ ভাৰতৰ দ্রুতমানৱ হিচাপে পৰিচিত অসম সন্তান অম্লান বৰগোহাঁয়ে ভাৰতৰ পুৰুষ ৰীলে দলটোক প্রতিনিধিত্ব কৰি স্বর্ণ পদক জয় কৰিবলৈ সক্ষম হয়৷ প্রতিযোগিতাখনৰ ৪×১০ মিটাৰ ৰীলে দৌৰত ভাৰতীয় পুৰুষ দলটোৱে শ্রেষ্ঠত্ব অর্জন কৰে৷ অম্লান বৰগোহাঁই, অনিমেশ কুজুৰ, মণিকান্ত হবলিধৰ আৰু গুৰিন্দৰবীৰ সিঙৰ দ্বাৰা গঠিত ভাৰতীয় পুৰুষ দলটোৱে ৩৮.৭৫ ছেকেণ্ডত শ্রেষ্ঠত্ব অর্জন কৰি দেশলৈ স্বর্ণ পদক কঢ়িয়াই আনে৷

সদ্যসমাপ্ত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত দুর্বল প্রদর্শন দাঙি ধৰিলেও কালি টাইপেইত ভাৰতীয় দলটোৱে দুর্দান্ত প্রদর্শন দাঙি ধৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে৷ চলিত বর্ষত আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত ভাৰতীয় পুৰুষ ৰীলে দলটোৰ এয়া আছিল দ্বিতীয় শ্রেষ্ঠ প্রদর্শন৷ ভাৰতীয় পুৰুষ ৰীলে দলটোক স্বর্ণ পদক প্রদান কৰে অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় দলটোৰ মেনেজাৰ গীতার্থ গোস্বামীয়ে৷ টাইৱানৰ মাটিত অসমীয়াৰ এনে সফলতা ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ বিষয়৷ অম্লানৰ এই সফলতাই ক্রীড়া ক্ষেত্রৰ বাবে এক অনুপ্রেৰণাস্বৰূপ বুলি আশাবাদী ক্রীড়াপ্রেমীসকল৷

উল্লেখ্য যে প্রতিযোগিতাখনৰ কালি প্রথম দিনা ভাৰতীয় পুৰুষ ৰীলে দলটোৰ উপৰি জ্যোতি য়াৰাজিয়ে মহিলাৰ ১০০ মিটাৰ হার্ডলছ, মহিলাৰ ১৫০০ মিটাৰ দৌৰ, তেজাস ছিৰছেই ১১০ মিটাৰ হার্ডলছ, আব্দুলা আবুবক্কৰে পুৰুষৰ ত্রিপল জাম্প আৰু মহিলা ৰীলে দলটোৱে স্বর্ণ পদক জয় কৰিবলৈ সক্ষম হয়৷

You might also like