পতঞ্জলিক লৈ এইবাৰ নেপালত দুর্নীতি
🔹 ৰামদেৱক ভূমি দি সাংসদ পদ হেৰুৱালে প্রাক্তন প্রধানমন্ত্রীয়ে
নিউজ ডেস্ক, ৮ জুন : নেপালত ভূমি কেলেংকাৰিৰ গোচৰত সাংসদ পদ হেৰুৱালে প্রাক্তন প্রধানমন্ত্রী মাধৱ কুমাৰে৷ ভাৰতীয় যোগগুৰু বাবা ৰামদেৱৰ সংস্থা পতঞ্জলিক অবৈধভাৱে ভূমি আবণ্টন দিয়াৰ অভিযোগ উঠিছিল মাধৱ কুমাৰৰ বিৰুদ্ধে৷ এই অভিযোগত সাংসদগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিলে নেপালৰ দুর্নীতি নিবাৰক সংস্থা চিআইএএ–ই৷
অভিযোগ অনুসৰি পতঞ্জলিক যি ভূমি বিক্রী কৰা হৈছে তাত ব্যাপক দুর্নীতি সংঘটিত হৈছিল৷ জানিব পৰা গৈছে যে কাঠমাণ্ডুৰ পৰা ৪০ কিলোমিটাৰ দূৰৈৰ কাভ্রে জিলাত ৩২ হেক্টৰ ভূমি ক্রয় কৰিছিল পতঞ্জলিয়ে৷ সেই ভূমি ক্রয় কৰা হৈছিল যোগ শিবিৰ আৰু ঔষধি গছৰ খেতি কৰাৰ বাবে৷ নেপালৰ সংস্থাটোৱে দাবী কৰা অনুসৰি মাধৱ কুমাৰে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি মন্ত্রীসভাৰ বৈঠকত ভূমি আইনক শিথিল কৰি পতঞ্জলিক ভূমি বিক্রীৰ ক্ষেত্রত অনুমোদন দিছিল৷ অকল সেয়াই নহয়, ইয়াৰ দুমাহ পিছতেই পুনৰ নিয়ম উলংঘা কৰি সেই ভূমিক বাণিজ্যিক ব্যৱহাৰৰ বাবে মুকলি কৰি দিছিল মাধৱ কুমাৰে৷ তদন্তকাৰী বিষয়াসকলে এই ঘটনাক চৰকাৰী নিয়মৰ অপব্যৱহাৰ বুলি অভিহিত কৰিছিল৷
অভিযোগ অনুসৰি মাধৱ কুমাৰৰ এই সিদ্ধান্তৰ ফলত ১১.৬ কোটি টকা ক্ষতি হৈছে৷ এই ঘটনাৰ পিছতে মাধৱ কুমাৰৰ পৰা ক্ষতি হোৱা ধন ওভতাই বিচাৰি সংস্থাটোৱে আদালতত আবেদনো জনাইছিল৷ লক্ষণীয়ভাৱে গোচৰটোত ইতিমধ্যে ৯৪গৰাকী ব্যক্তিক অভিযুক্ত হিচাপে চিহ্ণিত কৰা হৈছে৷ এই তালিকাত মাধৱ কুমাৰৰ উপৰি প্রাক্তন আইনমন্ত্রী প্রেম বাহাদুৰ সিং, প্রাক্তন ভূমি সংস্কাৰ মন্ত্রী ডম্বৰ শ্রেষ্ঠ আৰু প্রাক্তন মুখ্য সচিব মাধৱ প্রসাদ ঘিমিৰেৰ নামো আছে৷ নেপালত এই কেলেংকাৰিৰ ঘটনাক লৈ ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অৱশ্যে ৰামদেৱৰ বিৰুদ্ধে চার্জশ্বীটত কোনোধৰণৰ অভিযোগ অনা হোৱা নাই৷