নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত শূন্যপ্ৰায় জনসমাগমঃ জিলাই জিলাই ১৪৪ ধাৰা জাৰি

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ প্ৰাণঘাতক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ সচেতন হৈ পৰিছে ৰাজ্যবাসী । কোনো পৰিস্থিতিতে যাতে এই বিষাক্ত ভাইৰাছবিধ সংক্ৰমিত হ’ব নোৱাৰে, তাৰ বাবে চৰকাৰ – প্রশাসনৰ সমান্তৰালভাৱে সর্বসাধাৰণ ৰাইজেও নিজাববীয়াকৈ সতর্কতা অৱলম্বন কৰিছে ৷  প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক অপ্রয়োজনত ঘৰৰ পৰা নোলাবলৈ আহ্বান জনোৱাৰ পাছত শুকুৰবাৰে গুৱাহাটী মহানগৰীক প্রায় জনশূন্য ৰূপত দেখা গ’ল ৷ বাট–পথ, অফিচ–কাছাৰী সকলোতে জনতাৰ উপস্থিতি আছিল তেনেই সেৰেঙা ৷ ব্যক্তিগত বাহনৰ উপৰি চিটীবাছসমূহৰ চলাচলো কম ৷ ইফালে, মহানগৰীত থকা বৃহৎ শ্বপিং মলসমূহেও ক’ৰোনা প্রতিৰোধৰ বাবে যথেষ্ট সাৱধানতা অৱলম্বন কৰিছে ৷ তাৰ মাজতে ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কোনো এঠাইত ৫০জনতকৈ অধিক লোকক সমৱেত নহ’বৰ বাবে জনোৱা আহ্বানকো শ্বপিং মলসমূহে গুৰুত্বসহকাৰে লৈছে ৷

কোনো কোনো শ্বপিং মলত ভিৰ নিয়ন্ত্রণৰ বাবে সময়ে সময়ে প্রৱেশদ্বাৰ বন্ধ কৰি দিয়াও দেখা গ’ল ৷ আনহাতে, সর্বসাধাৰণে নিজক বাসগৃহৰ মাজত আবদ্ধ ৰাখি ক’ৰোনাৰ সংক্রমণৰ পৰা আঁতৰি থকাৰ চেষ্টা চলালে ৷ গুৱাহাটীৰ ৰাজপথত শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ সমাগম নাই বুলিবই পাৰি ৷ গুৱাহাটী পৌৰ নিগমে প্রতিৰোধমূলক ব্যৱস্থা হিচাপে সচৰাচৰ জনসমাগম হোৱা স্থানসমূহ খালী কৰি ৰখাত গুৰুত্ব আৰোপ কৰাৰ লগতে বহু ঠাইৰ অস্থায়ী বজাৰসমূহ বন্ধ কৰি দিছে ৷ মহানগৰ আৰক্ষীয়েও জনসমাগম নিয়ন্ত্রণ কৰিবলৈ বিশেষ নজৰ ৰাখিছে ৷

ইফালে, ৰাজ্যৰ প্রতিখন জিলাৰ জিলা প্রশাসনে ক’ৰোনা ভাইৰাছৰ সংক্রমণ সন্দর্ভত ধাৰাবাহিক সজাগতা অভিযান চলাই আছে৷ তাৰ সমান্তৰালভাৱে বৰাক–ব্রহ্মপুত্র উভয় উপত্যকাৰ প্রায়কেইখন জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা৷ অর্থাৎ ৰাজহুৱা স্থানত ৫জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ আজিৰ পৰা নতুনকৈ বহুকেইখন জিলাত ১৪৪ ধাৰা বলৱৎ কৰা হৈছে৷ লগতে বজাৰ, শ্বপিং মল, দোকান– পোহাৰত প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰাৰ বাবে যাৱতীয় নির্দেশনা প্রদান কৰা হৈছে৷ এনেধৰণৰ ব্যাপক সজাগতা আৰু প্রতিৰোধমূলক ব্যৱস্থা গ্রহণৰ মাজতে আন এক গুৰুতৰ সমস্যা হৈ পৰিছে বিভিন্ন অপশক্তিৰ অপপ্রচাৰ৷ একাংশ সমাজবিৰোধী লোকে বিভিন্ন মাধ্যমযোগে অপপ্রচাৰ চলাই জনসাধাৰণক আতংকিত কৰিব বিচাৰিছে৷ ইয়াৰ বিৰুদ্ধে বিভিন্ন জিলা প্রশাসনে কঠোৰ ব্যৱস্থা হাতত লৈছে৷ মহামাৰী আইনৰ অধীনত বলৱৎ কৰা হৈছে নিষেধাজ্ঞা৷ ক’ৰোনা ভাইৰাছ সংক্রান্তত অপপ্রচাৰ চলোৱা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ নির্দেশ প্রদান কৰা হৈছে৷ এনে পৰিৱেশৰ মাজত আজিৰে পৰা ৰাজ্যৰ বাণিজ্যিক কেন্দ্র ফাঁচীবজাৰ, ৰে’ল ষ্টেচন, বাছ আস্থান আদি সকলোতে জনসমাৱেশ তেনেই সেৰেঙা হৈ পৰা দেখা গ’ল ৷

You might also like