১১৬২ কিঃমিঃ দূৰত্ব কিদৰে কৰিলে অতিক্ৰম সোনম-এ, নাই প্ৰত্যক্ষ ৰে’ল বা বিমান
নিউজ ডেস্ক, ৯ জুন : হানীমুনৰ বাবে মেঘালয়লৈ অহা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত তেওঁৰ পত্নী সোনমক উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। কালি মাজনিশা তেওঁ মধ্যপ্ৰদেশৰ ইন্দোৰত থকা পৰিয়ালৰ লোকক ফোন কৰিছিল সোনমে। ইয়াৰ পিছত ইন্দোৰ আৰক্ষীয়ে উত্তৰপ্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ কৰে। তাৰ পিছত গাজীপুৰ আৰক্ষীয়ে এখন ধাবাৰ পৰা সোনমক উদ্ধাৰ কৰে।
এই ঘটনা ১৭ দিনৰ। মেঘালয় আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছিল। এতিয়া ১৭ দিন পিছত হঠাৎ গাজীপুৰত সোনম উপস্থিত হোৱাটোৱে বহু প্ৰশ্নৰ উত্থাপন কৰিছে।
এতিয়া এইক্ষেত্ৰত ৩টা প্ৰশ্ন উত্থাপন হয়, উত্তৰ এতিয়াও পোৱা নাই
শ্বিলঙৰ পৰা গাজীপুৰলৈ দূৰত্ব চালে ১১৬২.৩ কিলোমিটাৰ। ডাইৰেক্ট ৰেল নাই। যদি আপুনি নিজৰ উপায়েৰে আহে, তেন্তে অবিৰত ভ্ৰমণৰ পিছতো প্ৰায় ২৫ ঘণ্টা সময় লাগিব। এনে পৰিস্থিতিত প্ৰথম প্ৰশ্ন উত্থাপন হয় যে সোনম শ্বিলঙৰ পৰা গাজীপুৰলৈ কেনেকৈ আহিল?
দ্বিতীয় প্ৰশ্ন – যিহেতু অভিযুক্ত সোনম ইন্দোৰৰ বাসিন্দা, তেন্তে গাজীপুৰলৈ কিয় আহিছিল?
তৃতীয় প্ৰশ্ন – যদি আমি ধৰি লওঁ যে সোনম অকলে আহিছিল, তেন্তে তেওঁ ইয়াত কাৰোবাৰ পৰা সহায়ৰ আশ্বাস পাইছিল নেকি বা আন সহঃ অভিযুক্তৰ গাজীপুৰত কিবা সম্পৰ্ক আছিল নেকি?
উত্তৰ প্ৰদেশ, মেঘালয় নে মধ্যপ্ৰদেশ? সোনম ৰঘুবংশীক ক’ত সোধা-পোছা কৰিব আৰক্ষীয়ে?
সোনমে ভায়েক গোবিন্দক ভিডিঅ’ কল কৰিলে। এই সকলোবোৰৰ মাজতে সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি গাজীপুৰৰ এগৰাকী ধাবাৰ মালিকৰ পৰা সোনমে নিজেই এটা ফোন লৈ ভাতৃ গোবিন্দক ভিডিঅ’ কল কৰি নিজৰ স্থানৰ বিষয়ে অৱগত কৰে। লগে লগে গোবিন্দই এই তথ্য ৰাজা ৰঘুবংশীৰ জ্যেষ্ঠ ভাতৃ বিপিন ৰঘুবংশী আৰু শ্বিলং আৰক্ষীক দিয়ে।
ভিডিঅ’ কলৰ পৰা তথ্য পোৱাৰ পিছত লগে লগে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ কৰি সোনমৰ বিষয়ে জনোৱা হয়। গাজীপুৰ আৰক্ষী আহি সোনমক জিম্মাত লৈছিল। তেওঁক মেডিকেল চেক আপ কৰা হৈছিল আৰু এতিয়া শ্বিলং আৰক্ষীৰ অপেক্ষাত। আৰক্ষীয়ে সোনমক আদালতত হাজিৰ কৰি ট্ৰেনজিট ৰিমাণ্ডত মেঘালয়ৰ শ্বিলঙলৈ আনিব।