গাধৰ অভাৱনীয়ভাৱে দামবৃদ্ধি পাকিস্তানত
🔹 পৰম্পৰাগত দৰব প্রস্তুতৰ বাবে জাকে জাকে গাধ সৰবৰাহ চীনৰ
নিউজ ডেস্ক, ৯ জুন : হঠাতে গাধৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছে পাকিস্তানত৷ কাৰণ দেশখনৰ গাধবোৰৰ ওপৰত নজৰ পৰিছে চীনৰ৷ জাকে জাকে পাকিস্তানৰ গাধ সৰবৰাহ কৰা হৈছে চীনলৈ৷ ইয়াৰ অন্তৰালত আছে বিশেষ কাৰণ৷ গাধৰ চামৰাৰ পৰা চীনত বিভিন্ন দৰব প্রস্তুত কৰা হয়৷
চীনৰ প্রাচীন অথচ জনপ্রিয় কেইবাটাও দৰব প্রস্তুতৰ বাবে গাধৰ চামৰা প্রয়োজনীয়৷ সেইবাবে পাকিস্তানৰ পৰা গাধ সৰবৰাহ কৰিছে চীনে৷ চীনলৈ এনেদৰে ৰপ্তানি বৃদ্ধি হোৱাৰ লগে লগে পাকিস্তানৰ অভ্যন্তৰত গাধৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ সমস্যাত পৰিছে পাকিস্তানৰ স্থানীয় পশুপালকসকল৷ যিসকলে বিভিন্ন সামগ্রী সৰবৰাহৰ বাবে গাধৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছিল, তেওঁলোক হঠাতে জটিল সমস্যাৰ সন্মুখীন হৈছে৷
সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি কেইবছৰমান পূর্বলৈ পাকিস্তানত একোটা গাধৰ মূল্য আছিল ৩০ হাজাৰ টকা৷ বর্তমান সেই একেটা গাধৰ মূল্য দেশখনত ২ লাখ টকা৷
স্মর্তব্য যে পাকিস্তানৰ গাধ বিক্রীৰ আটাইতকৈ বৃহৎ বজাৰখন আছে কৰাচীৰ লায়াৰিত৷ এই বজাৰখনত একোটা স্বাস্থ্যৱান গাধৰ এতিয়া সর্বনিম্ন মূল্য হৈছে ১ লাখ ৮০ হাজাৰৰ পৰা ২ লাখ টকা৷ গাধৰ সংখ্যাৰ হিচাপত পাকিস্তান বিশ্বৰ ভিতৰত তৃতীয়৷ ইথিঅ’পিয়া আৰু ছুডানৰ পাছতে তৃতীয় স্থানত আছে পাকিস্তান৷ কিন্তু চীনৰ নজৰ পৰাৰ লগে লগে পাকিস্তানৰ স্থানীয় লোকসকলৰ বাবে এতিয়া গাধ হৈ পৰিছে এক দুর্লভ প্রাণী৷ দুখীয়া পশুপালকসকলৰ বাবে চীনে নতুন সংকট সৃষ্টি কৰিছে৷