শিৱসাগৰত অইলৰ কূপত গেছ নিৰ্গমন ৰোধত ৫ দিনেও ব্যৰ্থ ONGC
পঞ্চম দিনলৈ গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে সত্তৰটা পৰিয়ালক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে বুলি বিষয়াসকলে জনায়
শিৱসাগৰত অইলৰ কূপত গেছ নিৰ্গমন ৰোধত ৫ দিনেও ব্যৰ্থ ONGC
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুন : শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকৰ ১৩৫নং ৰিগৰ ১৪৭নং কূপত যোৱা ১২ জুনত গেছ নিৰ্গত হোৱাৰ ঘটনাক তেল আৰু প্ৰাকৃতিক গেছ নিগমে (ONGC) নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে।
কাৰিকৰী দলসমূহে ২৪ ঘণ্টাই কাম কৰি আছে যদিও নিৰ্গমন নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে।
পঞ্চম দিনলৈ গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে সত্তৰটা পৰিয়ালক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে বুলি বিষয়াসকলে জনায়।
ইফালে, অ’এনজিচিৰ বিষয়াসকলে লিকটো প্লাগ কৰিব নোৱাৰাৰ বাবেই অ’এনজিচিয়ে ব্ল’আউট হোৱা কূপটোৰ ওচৰত বাস কৰা লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগত জনসাধাৰণৰ যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে।
কুঁৱাটোত কাণ বন্ধ কৰি দিয়া শব্দৰ ফলত হাৰ্ট এটেকত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে কূপটোৰ পৰা অনিয়ন্ত্ৰিতভাৱে প্ৰাকৃতিক গেছ নিৰ্গত হোৱাৰ পিছত কেইবাজনো লোকে ফোহা আৰু ছালৰ ৰোগ হোৱাৰ অভিযোগো উত্থাপন কৰিছে।
১২ জুনত ছাৰ্ভিচিং অপাৰেচনৰ সময়ত কূপ নং আৰ ডি এছ ১৪৭ৰ পৰা গেছৰ ঢৌ পৰ্যবেক্ষণ কৰা হৈছিল। শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰত অৱস্থিত এই কূপটো অ’ এন জি চিৰ হৈ এছ কে পেট্ৰ’ চাৰ্ভিচেছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে পৰিচালনা কৰি আছে।
জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই জনোৱা মতে, এই ঘটনাৰ ফলত প্ৰায় ১৫০০ লোক ক্ষতিগ্ৰস্ত হৈছে।
সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, “তেওঁলোকে গেছৰ গোন্ধ পাইছে আৰু তেওঁলোকৰ চৌকা জ্বলাব পৰা নাই বা একো জ্বলাব পৰা নাই। আমি তেওঁলোকক ৰন্ধা খাদ্য যোগান ধৰিছো আৰু পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছো।’