নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ঘৰৰ চাৰি বেৰৰ মাজতে আবদ্ধ এগৰাকী ১১ বছৰীয়া কিশোৰী। জন্মৰ ডেৰ বছৰৰ পাছৰ পৰাই এক জটিল ৰোগত আক্রান্ত হৈ আছে ৰূপজ্যোতি চুতীয়া নামৰ কিশোৰীগৰাকী।
সঘনাই মূৰ্ছা যোৱা আৰু অচেতন হৈ পৰা ৰোগত আক্রান্ত ৰূপজ্যোতি শিক্ষা গ্ৰহণ কৰাটো বাদেই সমনীয়াৰ সৈতে খেলা ধুলা কৰাৰ পৰা বঞ্চিত হৈ আহিছে। টিংখাং সমষ্টিৰ ৰাজগড়ৰ ২নং ৰঙাবননী গাঁৱৰ মুনিন্দ্ৰ চুতীয়া আৰু মানসী চুতীয়াৰ কন্যা ৰূপজ্যোতি চুতীয়া বিগত ১০ বছৰে ডিব্রুগড়ত চিকিৎসা কৰোৱাই সৰ্বোচ্চ শেষ কৰিলে উপাৰ্জনৰ কোনো পথ নথকা দুভগীয়া পৰিয়ালটোৱে।
দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহ পাল দি অহা পিতৃ মাতৃ এতিয়া উপায়হীন হৈ পৰিছে কন্যাক চিকিৎসা কৰাবলৈ। যাৰ বাবে বিনা চিকিৎসাই ঘৰতে থাকিব লগা হৈছে। বিভিন্ন জনে অসমৰ বাহিৰত নি চিকিৎসা কৰাবলৈ পৰামৰ্শ আগবঢ়াইছে যদিও আৰ্থিক ভাৱে একেবাৰে দুৰ্বল পিতৃ মাতৃৰ বাবে সেয়া সম্ভৱ নহয়।
উপায়ন্তৰ হৈ এতিয়া দুভগীয়া পিতৃ মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াক কন্যাক চিকিৎসাৰ বাবে সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে। আনহাতে কোনো হৃদয়বান লোকে যদি কণমানি ৰূপজ্যোতিক সহায় কৰিব বিচাৰে তেন্তে পিতৃ মুনিন্দ্ৰ চুতীয়াৰ 70861 57400 নম্বৰত যোগাযোগ নতুবা তেওঁৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ (SBI) IFSC: SBIN0014369
CIF Number: 91800348155, Account No.: 43146422676 আৰ্থিক সাহাৰ্য্য আগবঢ়াব পাৰিব।
প্ৰেৰক কৃষ্ণ গগৈ