নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়াত প্ৰধান শিক্ষকক অন্ধকাৰত ৰাখি ধন আত্মসাৎ পৰিচালনা সমিতিৰ সভাপতিৰ

নিয়মীয়া বাৰ্তা, ১৭ জুন : বৰপেটাৰ মন্দিয়া প্ৰাঃ শিক্ষা খণ্ডৰ অধীনস্থ ৮৮০নং মৌখোৱা প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনাৰ নামত বিয়াগোম দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি চৰকাৰী বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা আৰু মধ্যাহ্ন ভোজনৰ নামত সংঘটিত কৰাৰ মুলতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জনৈক ৰহিম উদ্দিন। মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী আৰু আন্তঃগাথনিৰ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি ৰহিম উদ্দিনৰ বিৰুদ্ধে।

প্ৰধান শিক্ষকৰ নাম নিৰঞ্জন দাস যদিও তেওঁক বিভিন্ন ভয়-ভীতি দেখুৱাই এজন সহঃ শিক্ষকৰ সতে মিলি সোঁৱে-বাওঁয়ে লুণ্ঠনৰাজ চলোৱা বুলিও অভিযোগ সভাপতি ৰহিম উদ্দিনৰ বিৰুদ্ধে।

আনহাতে এই লুণ্ঠন খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীৰ সেউজ সংকেততে অব্যাহত থকা বুলিও গুৰুতৰ অভিযোগ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিৰঞ্জন দাসে ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰাত বিদ্যালয়ৰ সভাপতি ৰহিম উদ্দিন বাধাৰ প্ৰাচীৰ হৈ পৰা বুলি অভিযোগত উল্লেখ।

ফলত বিগত চাৰি মাহত মাত্ৰ ১৮ দিনহে মধ্যাহ্ন ভোজনৰ দিহা কৰা বুলি জনাইছে স্থানীয় একাংশই। একেদৰে এই ১৮ দিনৰ খাদ্যত পচি যোৱা কণী ছাত্ৰ-ছাত্ৰীক দিয়া বুলিও ক্ষোভ উজাৰিছে বহুতেই।

স্থানীয় একাংশই জনোৱা মতে মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰি সেই টকা খিনি ভগাই লয় সভাপতি আৰু সাংগোপাংগই আনকি বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি সংঘটিত কৰি আহিছে।

অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰিছে শ্ৰেণী কোঠা। নিজৰ খেয়ালখুচি মতেই বিদ্যালয়খন সভাপতি ৰহিম উদ্দিনে পৰিচালনা কৰা বুলিও উল্লেখ। প্ৰশ্ন হয় কি সাহসত বিদ্যালয়ৰ সভাপতিৰ এনে লুণ্ঠনৰ আগ্ৰাসন? এনেবোৰ তথ্য ফাদিলৰ পাছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like