নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ বাণিজ্যিক-আৱাস বিল্ডিঙত চিচিটিভি সংস্থাপনৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ঈদ-উজ-জুহাৰ পাছত সৃষ্টি হোৱা আইন-শৃংখলাৰ অৱনতিৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলা দণ্ডাধীশ তথা জিলা আয়ুক্ত দিৱাকৰ নাথে আদেশ যোগে জিলাখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি আবাস বিল্ডিংত চিচিটিভি কেমেৰা সংস্থাপন কৰাৰ নিৰ্দেশ দিছে।

“The Assam Public Safety (Measures) Enforcement Act, 2023” আইন অনুসৰি জাৰী কৰা উক্ত নিৰ্দেশাৱলীত জিলাখনৰ সকলো প্ৰতিষ্ঠান, সংগঠক (societies), ব্যৱস্থাপক, বা যিকোনো ব্যক্তিয়ে; যিসকল ৫ জন বা তাতো অধিক কৰ্মচাৰী নিয়োজিত কৰিছে আৰু যিসকল ব্যক্তিয়ে নিজা অথবা অন্যৰ অধীনত থকা বসবাসযোগ্য বা বাণিজ্যিক প্ৰতিষ্ঠান চলাইছে, সেইসকলক ধুবুৰী জিলাৰ ভিতৰত নিজা প্ৰতিষ্ঠান/ভৱনৰ প্ৰৱেশ আৰু প্ৰস্থান পথ, সাধাৰণ এলেকা আৰু সংলগ্ন বাটসমূহ সামগ্ৰিকভাৱে আৱৰি থকাকৈ চিচিটিভি কেমেৰা সংস্থাপন কৰিবলৈ বাধ্যবাধকতা আৰোপ কৰা হৈছে।

উল্লেখিত প্ৰতিষ্ঠান আৰু বসবাসযোগ্য ভৱনসমূহে নিজৰ নিজৰ চিচিটিভি কেমেৰাৰ ভিডিঅ’ ফুটেজ ন্যূনতম ৩০ দিন ধৰি সংৰক্ষণ কৰা বাধ্যতামূলক বুলিও উক্ত নিৰ্দেশাৱলীত স্পষ্ট ভাবে উল্লেখ আছে।

সেই নিৰ্দেশ জাৰি কৰা দিনটোৰ পৰা পৰা ১০ দিনৰ ভিতৰত চিচিটিভি কেমেৰা সংস্থাপন নকৰিলে নিয়ম উলংঘাকাৰীৰ বিৰূদ্ধে আইনী ব্যৱস্থা লোৱাৰ হ’ব বুলিও ধুবুৰী জিলা আয়ুক্তৰ সেই নিৰ্দশটোত কোৱা হৈছে। তদুপৰি, আৰক্ষীৰ চিচিটিভি কেমেৰা সংস্থাপন কৰা হোৱা-নোহোৱাল তথা চিচিটিভি কেমেৰাৰ কাৰ্যক্ষমতা পৰীক্ষা তথা সেই অনুসৰি প্ৰতিবেদন দাখিল কৰাৰো ক্ষমতা প্ৰদান কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like