নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ শান্তিপুৰত নকল বিলাতী সুৰাৰ কাৰখানা উৎখাত : আটক ৩ জন

নিয়মীয়া বাৰ্তা,  ২০ জুন : চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী শান্তিপুৰত আবকাৰী বিভাগে অভিযান চলাই নকল বিলাতী সুৰা প্ৰস্তুত কৰা এটা অবৈধ কাৰখানা উৎখাত কৰে। বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বঙাইগাঁও আবকাৰী অধীক্ষক অমৰেন্দ্ৰ নাথৰ নেতৃত্বত বঙাইগাঁও আৰু গুৱাহাটীৰ আবকাৰীৰ বিশেষ গোটে যৌথভাৱে কালি ৰুণিখাতা থানাৰ অন্তৰ্গত শান্তিপুৰৰ খাগ্ৰাবাৰী গাঁৱত জেবিয়াৰ নাৰ্জাৰী নামৰ ব্যক্তিজনৰ বাসগৃহত অতৰ্কিতে অভিযান চলাই বাসগৃহত মজুত কৰি ৰখা বিভিন্ন ব্ৰেণ্ডৰ নকল বিলাতী সুৰা আৰু নকল বিলাতী সুৰা প্ৰস্তুত কৰা এটা অত্যাধুনিক মেচিন, বৃহৎ পৰিমাণৰ বিভিন্ন ব্ৰেণ্ডৰ নকল বিলাতী সুৰাৰ কাৰ্টন, প্ৰস্তুত কৰি ৰখা নকল সুৰাভৰ্তি দুটা ড্ৰাম, নকল সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহৃত ছটা ড্ৰামত ১২০০ লিটাৰ স্প্ৰীট, বিভিন্ন ব্ৰেণ্ডৰ লেবেল, সাঁফৰ, খালী কাঁচৰ বটল, কাৰ্টন, ইলেক্ট্ৰিক মটৰ, প্লাষ্টিকৰ নল আদি বিভিন্ন সামগ্ৰী জব্দ কৰে। অভিযানকাৰী দলে একে সময়তে ফুংখা নাৰ্জাৰী নামৰ অন্য এজন লোকৰ বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ নকল বিলাতী সুৰাভৰ্তি কাৰ্টন জব্দ কৰাৰ লগতে একেটা চৌহদৰ আন এটা ভঁৰালত বৃহৎ পৰিমাণৰ নকল সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহৃত বিভিন্ন কেমিকেলভৰ্তি বটল, খালী সুৰাৰ বটল, লেবেল, বটলৰ সাঁফৰ আদি জব্দ কৰে। আবকাৰী বিভাগৰ অভিযানৰ উমান পাই জেবিয়াৰ নাৰ্জাৰী আৰু ফুংখা নাৰ্জাৰীয়ে পলায়ন কৰে। নকল সুৰা প্ৰস্তুত কাৰখানাত কৰ্মৰত কুমাৰ বসুমতাৰী, আলংবাৰ বসুমতাৰী আৰু দৈমালু বসুমতাৰী নামৰ ব্যক্তিকেইজনক অভিযানকাৰী দলে আটক কৰিবলৈ সক্ষম হয়। ধৃত আটাইকেইজন শোণিতপুৰ জিলাৰ চতিয়াৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

এই সফল অভিযানৰ নেতৃত্ব প্ৰদান কৰা বঙাইগাঁও জিলা আবকাৰী বিভাগৰ অধীক্ষক অমৰেন্দ্ৰ নাথে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী শান্তিপুৰ অঞ্চলত নকল সুৰাৰ চোৰাং ব্যবসায়ী চক্ৰ সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰি অভিযান চলাই যিখিনি সামগ্ৰী জব্দ কৰা হ’ল, ইয়াৰ দ্বাৰা সহজেই অনুমান কৰিব পাৰি যে এই নকল বিলাতী সুৰাৰ চোৰাং ব্যৱসায়ী চক্ৰৰ সৈতে এটা শক্তিশালী চক্ৰ জড়িত হৈ আছে। জব্দ কৰা নকল বিলাতী সুৰাখিনিৰ বজাৰ মূল্য ৫০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে ভূটান সীমান্তৰ এই অবৈধ সুৰা প্ৰস্তুত কৰা কাৰখানাৰ নকল বিলাতী সুৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ লগতে বঙাইগাঁও জিলাৰ বিভিন্ন এলেকাত নকল সুৰা সৰবৰাহ কৰা কাৰ্যত নিউ বঙাইগাঁৱৰ বিহাৰী সম্প্ৰদায়ৰ কোনোবা অসাধু পৰিয়াল জড়িত থকাৰ তথ্য আবকাৰী বিভাগে লাভ কৰিছে বুলি জানিব পৰা গৈছে। চিৰাং আবকাৰী বিভাগৰ কিছু কৰ্মচাৰীৰ সৈতে নকল বিলাতী সুৰাৰ কাৰখানা চলোৱা চক্ৰটোৰে গোপন বুজাবুজি থকাৰ তথ্যও অভিযানকাৰী দলে লাভ কৰিছে বুলি জানিব পৰা গৈছে। চিৰাং জিলাৰ জনবসতিপূৰ্ণ এটা অঞ্চলত এইদৰে নকল বিলাতী সুৰা প্ৰস্তুত কৰা কাৰখানা স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলাই থকা মুহূৰ্তত বঙাইগাঁও আৰু গুৱাহাটীৰ পৰা অহা আবকাৰী বিভাগৰ অভিযানকাৰী দলে নকল সুৰা প্ৰস্তুত কাৰখানা উৎখাত কৰা কাৰ্যই চিৰাং জিলাৰ আবকাৰী বিভাগৰ লগতে স্থানীয় আৰক্ষীৰ অস্তিত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like