নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ অক্টোবৰত ৰাজ্যত একেলগে ৪০ হাজাৰক চাকৰি

🔹 ‘স্বচ্ছ-নিকা নিযুক্তি প্রক্রিয়াৰ ফলত ৰাজ্যত শিক্ষাৰ উন্নত পৰিৱেশ গঢ় লৈ উঠিছে’

বিশেষ বাৰ্তা, ২০ জুন : অসমত ১ লাখ নিযুক্তিৰ প্রতিশ্রুতি পূৰণৰ পিছত স্বচ্ছ আৰু মেধা ভিত্তিত এই প্রক্রিয়া অব্যাহত ৰাখি অহা ১০ অক্টোবৰত ৰাজ্য চৰকাৰে একেলগে প্রায় ৪০ হাজাৰ যুৱক–যুৱতীক চৰকাৰী চাকৰি প্রদান কৰিব৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত পশুপালন আৰু পশু চিকিৎসা, পর্যটন আৰু শিক্ষা বিভাগৰ নিযুক্তি-পত্র প্রদান অনুষ্ঠানত অংশগ্রহণ কৰি কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰে৷

উল্লেখ্য যে এই অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগত পশু চিকিৎসা ক্ষেত্র সহায়ক পদত ৪৪৩গৰাকী, পর্যটন বিভাগত পর্যটন উন্নয়ন বিষয়া পদত ১২গৰাকী, শিক্ষা বিভাগত জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠানত প্রবক্তা পদত ২৩গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদত সহকাৰী অধ্যাপকৰ পদমর্যাদা সহকাৰী সঞ্চালক হিচাপে তিনিগৰাকী প্রার্থীক নিযুক্তিপত্র প্রদান কৰা হয়৷ কালি মুঠ ৪৮১গৰাকী প্রার্থীয়ে নিযুক্তিপত্র লাভ কৰাৰ পিছত বর্তমানৰ ৰাজ্য চৰকাৰখনৰ কার্যকালত চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰাসকলৰ সংখ্যা সর্বমুঠ ১ লাখ ২০ হাজাৰ ৮৪০গৰাকী হ’লগৈ৷

এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই ২০২১ চনৰ পৰা ধাৰাবাহিক নিযুক্তি প্রক্রিয়াৰে ১ লাখ চৰকাৰী চাকৰি প্রদানৰ প্রতিশ্রুতি পূৰণৰ পিছত অহা ১০ অক্টোবৰলৈ মুঠ ১.৬০ লাখ নিযুক্তি চৰকাৰে প্রদান কৰিবলৈ সমর্থ হ’ব বুলি দৃঢ় মত প্রকাশ কৰে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে এনে বৃহৎসংখ্যক নিযুক্তি প্রদানৰ পিছতো এনে কোনো এটা নিযুক্তিৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু হোৱা নাই৷ সম্পূর্ণ স্বচ্ছ আৰু নিকা প্রক্রিয়াৰে এই নিযুক্তি সম্পন্ন হোৱাৰ বাবেই চাকৰি লাভ নকৰা কোনো প্রার্থীয়ে নিজকে বঞ্চিত অনুভৱ নকৰি চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে৷ এনেধৰণৰ পৰিৱেশ ৰাজ্যত পূর্বতে কেতিয়াও দেখা পোৱা নগৈছিল৷ বৰং কোনো নিযুক্তি দিবলৈ চৰকাৰে আগবাঢ়িলে বহু সময়ত আদালতত গোচৰ ৰুজু হোৱাৰ লগতে ফলাফল ঘোষণাৰ পিছতো বিতর্কৰ সৃষ্টি হৈছিল৷ ইয়াৰ বিপৰীতে বর্তমানৰ ৰাজ্য চৰকাৰে স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰি অহাৰ ফলত ৰাজ্যত শিক্ষাৰ এক উন্নত পৰিৱেশ গঢ়ি উঠিছে বুলি তেওঁ মন্তব্য কৰে৷

আনহাতে, শিক্ষাখণ্ডৰ উত্তৰণৰ দিশত ৰাজ্য চৰকাৰে লোৱা বিবিধ পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যত শিক্ষাৰ পৰিৱেশ উন্নীত কৰাৰ লগতে শিক্ষা প্রতিষ্ঠানসমূহত মানসম্পন্ন তথা প্রশিক্ষিত শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্রহণ কৰা হৈছে আৰু শিক্ষাক ৰাজ্যৰ উৎকর্ষতাৰ সবাতোকৈ ডাঙৰ পথ হিচাপে যাতে ব্যৱহাৰ কৰিব পৰা যায় তাৰ বাবে চৰকাৰে নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ ৰাজ্যৰ যুৱক–যুৱতীসকলৰ সামূহিক স্বার্থৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কেতিয়াও আপোচ নকৰে আৰু বিগত চাৰে চাৰি বছৰীয়া কার্যকালত এই কথা চৰকাৰে প্রমাণ কৰি দেখুৱাইছে৷ এই অনুষ্ঠানত পর্যটন মন্ত্রী ৰঞ্জিত কুমাৰ দাস, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, পশুপালন আৰু পশু চিকিৎসা মন্ত্রী কৃষ্ণেন্দু পাল, হাঁহ–কুকুৰা আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ উপৰি মুখ্য সচিব ড০ ৰবি কোটা, গৃহ তথা পর্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, শিক্ষা বিভাগৰ সচিব শ্বাহনাৱাজ চৌধুৰীকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে৷

You might also like