নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত ২৭নং ৰাষ্ট্ৰীয় পথত ভয়াৱহ দুৰ্ঘটনা, কেইবাজনো আহত

নিয়মীয়া বাৰ্তা, ২১ জুন : আজি বজালীৰ মাজেৰে পাৰ হৈ যোৱা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঠশালা আৰু পাটাছাৰকুছিত সংঘটিত দুটা পৃথক পৃথক ভয়াবহ দুৰ্ঘটনাত কেবাজনো লোক গুৰুতৰ ভাবে আহত হয়।

আজি পুৱাৰ ভাগত পাটাছাৰকুছি থানাৰ অন্তৰ্গত ধৰমতলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন টাটা চাফাৰী গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত গাড়ীখনত থকা তিনিগৰাকী আৰোহী গুৰুতৰ ভাবে আহত হয়৷ নগাওঁৰ পৰা বৰপেটা অভিমুখে আহি থকা গাড়ীখনে ধৰমতলাত সংঘটিত কৰা এই দুৰ্ঘটনাত গাড়ীখনৰ সন্মুখভাগ সম্পুৰ্ণৰূপে বিধ্বস্ত হৈ পৰে৷

আহতসকলক পাঠশালা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসাৰ দিহা কৰা হয়৷ ইফালে বজালীৰ পাঠশালাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় আন এক ভয়ংকৰ দুৰ্ঘটনা। এখন চাৰিচকীয়া মাৰুটি ৱেগনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰে। AS01AF6322 নম্বৰৰ বাহনখন পুৱতি নিশা নিয়ন্ত্ৰন হেৰুৱাই দ খাৱৈত পৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজৰ।

পাঠশালা চন্দ্ৰনগৰৰ টুৰকুনী জানৰ পানীত বহু সময় ধৰি পৰি থকা গাড়ীখন সন্দৰ্ভত একাংশ লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্য্যন্ত গাড়ী খনত কিমান গৰাকী ব্যক্তি আছিল বা চালক কোন হয়, গাড়ীখন কেনেদৰে পানীত পৰি ৰ’ল বা গাড়ীত থকা মানুহ কোন আছিল তাৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই৷ ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক কল্যাণ কলিতা

You might also like