নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ মাজতে খোদ গাঁওপ্ৰধান নামিল মাটিৰ দালালিত

🔹 আলোপতিত ৰাইজৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২২ জুন : বৰপেটাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাজৰচৰ গাঁৱৰ ১৬নং চাৰ্জ’ৰ গাঁওপ্ৰধান কুৰবান আলীক গ্ৰেপ্তাৰৰ দাবীত শতাধিক পুৰুষ-মহিলাই আলোপতি চৰ আৰক্ষী থানাৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ| কামৰূপ জিলাৰ নগৰবেৰাৰ সীমাত থকা বৰপেটা জিলাৰ বৃহৎ পৰিমাণৰ কৃষিভূমিক লৈ দালালিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে গাঁওপ্ৰধান কুৰবান আলীৰ বিৰুদ্ধে |

ইতিমধ্যে থানাত এজাহাৰো দাখিল কৰা হৈছে গাঁওপ্ৰধানগৰাকীৰ বিৰুদ্ধে । যি সময়ত মাটিৰ দালালৰ বিৰুদ্ধে স্বয়ং মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, সেই সময়তে চৰকাৰী গাঁওপ্ৰধান কুৰবান আলীয়ে কেইবাশ বিঘা কৃষিভূমিক লৈ দালালিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে | গাঁওপ্ৰধান কুৰবান আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা জিলাৰ আয়ুক্তক দাবী জনাইছে ভুক্তভোগী লোকে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like